ডকাইতিৰ পৰিকল্পনা কৰি ডিব্ৰুগড় আৰক্ষীৰ জালত তিনি যুৱক

অভিযুক্ত তিনি ডকাইত ক্ৰমে নৱজ্যোতি গগৈ, বিশ্বজিত গগৈ আৰু বিপ্লৱ কোঁৱৰ।

News18-Assam
Updated:October 14, 2019, 12:28 PM IST
ডকাইতিৰ পৰিকল্পনা কৰি ডিব্ৰুগড় আৰক্ষীৰ জালত তিনি যুৱক
অভিযুক্ত তিনি ডকাইত ক্ৰমে নৱজ্যোতি গগৈ, বিশ্বজিত গগৈ আৰু বিপ্লৱ কোঁৱৰ।
News18-Assam
Updated: October 14, 2019, 12:28 PM IST
ডকাইতিৰ পৰিকল্পনা কৰি আৰক্ষীৰ জালত পৰিল তিনি যুৱক। ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইতিৰ পৰিকল্পনা কৰা যুৱক তিনিজনক। ডিব্ৰুগড়ৰ জকাই অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওকে। অভিযুক্ত তিনি ডকাইত ক্ৰমে নৱজ্যোতি গগৈ, বিশ্বজিত গগৈ আৰু বিপ্লৱ কোঁৱৰ। ভাৰতীয় দণ্ড বিধিৰ ৩৯৯ ধাৰাৰ অধীনত বৰবৰুৱা আৰক্ষীয়ে ২৫৬/২০১৯ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে তিনিওকে প্ৰেৰণ কৰিছে ন্যায়িক জিম্মালৈ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি