দেশ কঁপোৱা অভি–নীল হত্যাকাণ্ডৰ ৩ বছৰ সম্পূৰ্ণ। ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হৈছিল মানৱ জাতিক লজ্জানত কৰা এই ঘৃণনীয় ঘটনা। কাৰ্বি পাহাৰৰ মনোৰম সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা দুজনকৈ সুঠাম যুৱকক এদল পশুতুল্য লোকে বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰিছিল। কিন্তু আজিলৈ ন্যায় নাপালে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পৰিয়ালে।
যদিও ৮ জুনত এই নিৰ্মম হত্যাকাণ্ড সংঘটিত হৈছিল, কিন্তু তিথি অনুসৰি পৰিয়ালৰ লোকে ৪ জুনতে পালন কৰে মৃত্যু বাৰ্ষিকী। অনুষ্টুপীয়াকৈ ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে পৰিয়ালৰ লোকে পালন কৰে মৃত্যুবাৰ্ষিকী। অভিজিৎ নাথৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজি অভি–নীল হত্যাকাণ্ডৰ তিনি বছৰ সম্পূৰ্ণ হ’ল। ৰাইজে যি ধৰণে এই হত্যাৰ প্ৰতিবাদ কৰিছিল, আজিও হয়তো সকলোৰে মনত সজীৱ হৈ আছে। কিন্তু নগাঁও সত্ৰ আদালতত চলি থকা ন্যায়িক প্ৰক্ৰিয়া অতি লেহেমীয়া হৈছে বুলি আমি অনুভৱ কৰিছো। ৩ বছৰত সাক্ষীসকলৰ সাক্ষ্যদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ল।’’
‘‘আমি লাহে লাহে হতাশ হৈছো। ন্যায়পালিকাৰ প্ৰতি অনুৰোধ, এই প্ৰক্ৰিয়া সোনকালে আগবঢ়াই নিয়ক। দোষীয়ে উচিত শাস্তি পাওক। এই ঘটনাৰ সমাধানসূত্ৰ নোলালে এনেধৰণৰ ঘটনা ঘটিয়ে থাকিব। দুষ্ট প্ৰকৃতিৰ লোকসকলে এনেধৰণৰ নাৰকীয় ঘটনা সংঘটিত কৰিবলৈ উৎসাহ পাব।’’ – ক’লে অভিজিৎ নাথৰ পিতৃয়ে।
অভিজিৎ নাথৰ পিতৃয়ে আৰু কয় যে এইবাৰ আমাৰ নতুন চৰকাৰ আহিছে। নতুন মুখ্যমন্ত্ৰীক আমি এই বিচাৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছো।