• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইৰ মোৰাঝাৰ কপাহবাৰীত গছত বান্ধি ৩ কিশোৰক তালিবানী শাস্তি, কি অপৰাধ কৰিছিল কিশোৰকেইটিয়ে?

হোজাইৰ মোৰাঝাৰ কপাহবাৰীত গছত বান্ধি ৩ কিশোৰক তালিবানী শাস্তি, কি অপৰাধ কৰিছিল কিশোৰকেইটিয়ে?

এই শিহৰণকাৰী দৃশ্য ছচিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পিছতেই জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

এই শিহৰণকাৰী দৃশ্য ছচিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পিছতেই জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

এই শিহৰণকাৰী দৃশ্য ছচিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পিছতেই জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

  • Share this:
হোজাইৰ মোৰাঝাৰৰ কপাহবাৰীত কিশোৰক গছত বান্ধি তালিবানী শাস্তি। মছজিদৰ পানী উঠোৱা মটৰ চুৰিৰ অভিযোগত তিনি কিশোৰক গছত বান্ধি তালিবানী শাস্তি প্ৰদান কৰা ঘটনাই হোজাই জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাতে হাতে লাঠি লৈ একাংশ লোকে ৩ কিশোৰক নিৰ্মম শাস্তি প্ৰদান কৰা কাণ্ডত হতভম্ব হৈ পৰিছে হোজাই জিলাৰ সচেতন মহল।

হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কপাহবাৰীত সংঘটিত হৈছে এই নিৰ্মম ঘটনা। একাংশই মাৰপিট কৰিছে, আন একাংশই এই দৃশ্য মোবাইলত বন্দী কৰিছে। কিশোৰকেইটাক প্ৰহাৰ কৰা এই ভিডিঅ’ সামাজিক মাধ্যমতো ভাইৰেল কৰিছে একাংশই।

এই শিহৰণকাৰী দৃশ্য ছচিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পিছতেই জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আইন হাতত তুলি লৈ অতি বৰ্বৰভাৱে আক্ৰমণ চলোৱা লোককেইজন ক্ৰমে কুটুব উদ্দিন, কবিৰ আহমেদ আৰু আচাব উদ্দিন বুলি চিনাক্ত কৰা হৈছে। এই জঘন্য ঘটনাৰ পিছতেই মোৰাঝাৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ। ৬ গৰাকী ব্যক্তিৰ ওপৰত ইতিমধ্যে মোৰাঝাৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী যুৱককেইজনৰ পৰিয়ালৰ লোকে। এসপ্তাহ পূৰ্বে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনাটো। এই চাঞ্চল্যকৰ ঘটনাৰ উচিত কৰি অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে একাংশ দল–সংগঠনৰ লগতে সচেতন ৰাইজে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি