নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তিনি নিৰাপত্তাৰক্ষীৰ দেহত পুনৰ কোভিড-১৯ পজিটিভ

News18 Assam | News18-Assam
Updated:August 7, 2020, 6:05 PM IST
নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তিনি নিৰাপত্তাৰক্ষীৰ দেহত পুনৰ কোভিড-১৯ পজিটিভ
তিনিজন নিৰাপত্তাৰক্ষী ক্ৰমে নকুল শৰ্মা, ভবেন্দ্ৰ সন্দিকৈ আৰু ৰজনী দাসৰ দেহত কোভিড–১৯ পজিটিভ ধৰা পৰে।

তিনিজন নিৰাপত্তাৰক্ষী ক্ৰমে নকুল শৰ্মা, ভবেন্দ্ৰ সন্দিকৈ আৰু ৰজনী দাসৰ দেহত কোভিড–১৯ পজিটিভ ধৰা পৰে।

  • Share this:
নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বাসগৃহটো আজি নাজিৰা মহকুমা প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে৷ কিছুদিন পূৰ্বে দেৱব্ৰত শইকীয়াৰ নিৰাপত্তাৰ দায়িত্বত থকা এজনৰ গাত কোভিড–১৯ পজিটিভ ধৰা পৰাৰ পিছত আজি পুনৰ তিনিজন নিৰাপত্তাৰক্ষী ক্ৰমে নকুল শৰ্মা, ভবেন্দ্ৰ সন্দিকৈ আৰু ৰজনী দাসৰ দেহত কোভিড–১৯ পজিটিভ ধৰা পৰে। যাৰ বাবে নাজিৰা মহকুমা প্ৰশাসনে আজি দেৱব্ৰত শইকীয়াৰ বাসগৃহৰ লগতে তেওঁৰ ঘৰৰ দাঁতিতে লাগি থকা ভাতৃ তথা বিজেপিৰ নেতা পলাশ পৱন শইকীয়াৰ বাসগৃহও কণ্টইনমেণ্ট জ'ন ঘোষণা কৰে। নাজিৰা চক্ৰ বিষয়াৰ নেতৃত্বত অহা প্ৰতিৰোধী বন্ধুৰ এটা দলে পলাশ পৱন শইকীয়াৰ বাসগৃহ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে যদিও পুনৰ কণ্টেইনমেণ্ট জ’নৰ বাহিৰ কৰি দিয়ে পলাশ পৱন শইকীয়াৰ বাসগৃহটো৷
Published by: Sanjay Kumar Das
First published: August 7, 2020, 6:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি