কৰিমগঞ্জ কাৰাগাৰৰ পৰা আকৌ পলাল ৩কয়দী, কোৱাৰাণ্টাইনৰ মাজতে পলাল গাড়ী চুৰি আৰু হত্যাৰ অভিযুক্ত

১৮৮৯ চনত ব্ৰিটিশ আমোলৰ বহু পুৰণি কাৰাগাৰখনৰ আন্তঃগাথনি একেবাৰে নষ্ট হৈ যোৱা আৰু সুৰক্ষা কৰ্মীৰ অভাৱত এনে ঘটনা বাৰেবাৰে সংঘটিত হৈছে বুলি স্বীকাৰ কৰিছে কাৰাগাৰ অধীক্ষকে।
১৮৮৯ চনত ব্ৰিটিশ আমোলৰ বহু পুৰণি কাৰাগাৰখনৰ আন্তঃগাথনি একেবাৰে নষ্ট হৈ যোৱা আৰু সুৰক্ষা কৰ্মীৰ অভাৱত এনে ঘটনা বাৰেবাৰে সংঘটিত হৈছে বুলি স্বীকাৰ কৰিছে কাৰাগাৰ অধীক্ষকে।
- News18 Assam
- Last Updated: June 20, 2020, 1:03 PM IST

কিন্তু শণিবাৰে মাজনিশা কাৰাগাৰৰ দুৰ্বল হৈ পৰা খিৰিকী ভাঙি কাৰাগাৰৰ ওখ দেৱাল বগাই পলায়ন কৰে কয়েদি কেইজনে। পলাতক কয়দী ওৱাহিদ আলী আৰু মস্তাক আহমদৰ ঘৰ কৰিমগঞ্জৰ বাজাৰিছড়া আৰু হাফানিয়াত। দুয়ো গাড়ী চুৰিত অভিযুক্ত আছিল। ইফালে বদৰপুৰৰ এটি হত্যাৰ গোচৰত অভিযুক্ত ফয়জুৰ ৰহমানৰ ঘৰ হোজাইৰ ফকিৰাবস্তিত।

কৰিমগঞ্জ কাৰাগাৰৰ পৰা কয়দী পলায়নৰ এয়া নতুন ঘটনা নহয় । প্ৰায় ২-৩ মাহৰ বিৰতিৰ পাছতেই এনে ঘটনা সংঘটিত হৈ থাকে কাৰাগাৰখনত । যোৱা ফেব্ৰুয়াৰি মাহতো অনুৰূপ ঘটনা সংঘটিত হৈছিল এই কাৰাগাৰত । দেৱাল বগাই পলায়ন কৰিছিল এজন কয়দীয়ে ।
১৮৮৯ চনতে ব্ৰিটিশ আমোলৰ বহু পুৰণি কাৰাগাৰখনৰ আন্তঃগাথনি একেবাৰে নষ্ট হৈ যোৱা আৰু সুৰক্ষা কৰ্মীৰ অভাৱত এনে ঘটনা বাৰেবাৰে সংঘটিত হৈছে বুলি স্বীকাৰ কৰিছে কাৰাগাৰ অধীক্ষকে।
