PFIৰ তিনি শীৰ্ষ নেতাৰ গ্ৰেপ্তাৰক লৈ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ সংবাদমেল৷ বৃহস্পতিবাৰে বৰপেটাৰোড ৰে’ল ষ্টেচনত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰে PFI আৰু CFIৰ এই শীৰ্ষ নেতাকেইগৰাকীক।
গ্ৰেপ্তাৰ কৰা CFI আৰু PFI নেতা কেইগৰাকী হ’ল জাহিদুল ইছলাম, জাকিৰ হুছেইন আৰু আবু ছামা৷ বাক্সাৰ গোৱৰ্ধনাৰ সনবাৰী গাঁৱত ঘৰ CFI নেতা জাহিদুল ইছলামৰ৷ আনহাতে, PFIৰ ৰাজ্যিক সম্পাদক জাকিৰ হুছেইনৰ ঘৰ বাক্সাৰ গোৱৰ্ধনা গাঁৱত৷ ইফালে, PFIৰ ৰাজ্যিক সভাপতি আবু চামাৰ ঘৰ হ’ল বৰপেটা ৰোডৰ ৯নং ৱাৰ্ডত৷
আৰক্ষীয়ে ধৃত PFI আৰু CFI নেতা দুজনৰ পৰা নগদ ডেৰ লাখ টকাৰ লগতে বেংকৰ নথি আৰু আন কেতবোৰ নথিপত্ৰ জব্দ কৰিছে৷ আৰক্ষী অধীক্ষকে জনোৱা মতে, ৰাজ্যত এতিয়াও অব্যাহত আছে নিষিদ্ধঘোষিত PFIৰ সাংগঠনিক তৎপৰতা৷
বহিঃৰাজ্যত বাহৰ পাতি অসমৰ দুই শীৰ্ষ PFI আৰু CFI নেতাই চলাই গৈছিল সাংগঠনিক কাম–কাজ৷ অসমৰ পৰা পলাই গৈ দীৰ্ঘদিন দেশৰ ভিন্ন ৰাজ্যত আত্মগোপন কৰি আছিল এই দুই PFI আৰু CFI নেতাই৷
দিল্লীৰ পৰা ৰে’লযোগে অসমত প্ৰৱেশৰ পিছতে বৰপেটাৰোড ৰে’লৱে ষ্টেচনত অভিযান চলাই PFI আৰু CFIৰ নেতা দুজনৰ লগতে সম্প্ৰতি জামিনত থকা PFIৰ সভাপতি আবু ছামাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
দিল্লীৰ পৰা গোপনে অসমত প্ৰৱেশ কৰা জাকিৰ হুছেইন আৰু জাহিদুল ইছলামক ৰে’লৱে বৰপেটাৰোড ৰে’লৱে ষ্টেচনৰ পৰা গোপন স্থানলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল PFI নেতা আবু ছামাই৷
আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, দীৰ্ঘদিন ধৰি আৰক্ষীয়ে বিচাৰি আছিল এই দুই শীৰ্ষ PFI আৰু CFI নেতাক৷ এই তিনি শীৰ্ষ PFI আৰু CFI নেতাৰ সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ আজি তিনি PFI আৰু CFI নেতাক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব৷ অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত তিনি শীৰ্ষ নেতাক নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাব৷
- First Published :