• Home
  • »
  • News
  • »
  • assam
  • »
  • বিধায়িকা নৱনীতা সন্দিকৈৰ ব্যক্তিগত সহায়কৰ দ্বাৰা সোণাৰিত গণসংক্ৰমণ! সংস্পৰ্শলৈ অহা তিনিজনৰ দেহত কোভিড পজিটিভ

বিধায়িকা নৱনীতা সন্দিকৈৰ ব্যক্তিগত সহায়কৰ দ্বাৰা সোণাৰিত গণসংক্ৰমণ! সংস্পৰ্শলৈ অহা তিনিজনৰ দেহত কোভিড পজিটিভ

কিছুদিন পূৰ্বে যীশু পালে সোণাৰি নগৰৰ নিকটৱৰ্তী টীয়ক ৰজাবাৰীৰ এঘৰ আত্মীয়ৰ ঘৰলৈ গৈছিল।

কিছুদিন পূৰ্বে যীশু পালে সোণাৰি নগৰৰ নিকটৱৰ্তী টীয়ক ৰজাবাৰীৰ এঘৰ আত্মীয়ৰ ঘৰলৈ গৈছিল।

কিছুদিন পূৰ্বে যীশু পালে সোণাৰি নগৰৰ নিকটৱৰ্তী টীয়ক ৰজাবাৰীৰ এঘৰ আত্মীয়ৰ ঘৰলৈ গৈছিল।

  • Share this:
সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, পুত্ৰ কৰণ সন্দিকৈসহ তেওঁৰ গাড়ীচালক আৰু ব্যক্তিগত সহায়কৰ দেহত ধৰা পৰিছিল কোভিড–১৯ৰ অৱস্থিতি। তাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাৰ পিছতে গণসংক্ৰমণৰ আশংকা কৰা হৈছিল। বিধায়িকা নৱনীতা সন্দিকৈৰ ব্যক্তিগত সহায়ক যীশু পাল আক্ৰান্ত হৈছিল কোৰণাত। আৰু তেওঁৰ সংপৰ্শলৈ অহা তিনি ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড–১৯ৰ অৱস্থিতি।

কিছুদিন পূৰ্বে যীশু পালে সোণাৰি নগৰৰ নিকটৱৰ্তী টীয়ক ৰজাবাৰীৰ এঘৰ আত্মীয়ৰ ঘৰলৈ গৈছিল। তাৰ পৰিপ্ৰেক্ষিতত সংপৰ্শলৈ অহা তিনি ব্যক্তি ক্ৰমে দীপক পাল, মায়া পাল আৰু মিলন কৰৰ নমুনা পৰীক্ষাত অন্তত ধৰা পৰিছে কোভিড–১৯ পজিটিভ।

বিধায়িকা নৱনীতাৰ দেহত কোভিড–১৯ৰ অৱস্থিতি ধৰা পৰাৰ দুদিন পূৰ্বে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত এখন সভাটো অংশগ্ৰহণ কৰিছিল। এতিয়া সমগ্ৰ বিষয়টোক লৈ গণসংক্ৰমণৰ আশংকাই চিন্তিত কৰি তুলিছে সোণাৰিবাসীক।
Published by:Sanjay Kumar Das
First published: