২০১৭ চনৰ ৩১ মে'ত প্ৰতিষ্ঠানটোৰ তিনিটাকৈ ঠিকাভিত্তিক পদত নিজৰ আত্মীয়ক -স্ৱজনক জালিয়াতিৰে নিযুক্তি প্ৰদান কৰিছিল।
২০১৭ চনৰ ৩১ মে'ত প্ৰতিষ্ঠানটোৰ তিনিটাকৈ ঠিকাভিত্তিক পদত নিজৰ আত্মীয়ক -স্ৱজনক জালিয়াতিৰে নিযুক্তি প্ৰদান কৰিছিল।
আকৌ এবাৰ নিযুক্তিৰ নামত কেলেংকাৰী।এইবাৰ জালিয়াতিৰ স্থান যোৰহাটৰ চ'টাইস্থিত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত। কোনো বিজ্ঞাপন অথৱা নিযুক্তি পৰীক্ষা আয়োজন নকৰাকৈ প্ৰতিষ্ঠানটোৱে ২০১৭ চনৰ ৩১ মে'ত প্ৰতিষ্ঠানটোৰ তিনিটাকৈ ঠিকাভিত্তিক পদত নিজৰ আত্মীয়ক -স্ৱজনক জালিয়াতিৰে নিযুক্তি প্ৰদান কৰিছিল।
পদকেইটাত নিযুক্তি লাভ কৰিছিল ক্ৰমে অজন্তা দত্ত নাজিৰ পদত, বিদ্যাৰ্থী বৰা কাৰ্যালয় সহায়ক আৰু নৱনীতা বৰঠাকুৰ কম্পিউটাৰ অ'পাৰেটৰ পদত। উল্লেখ্য চাকৰি লাভ কৰা অঞ্জনা দত্ত প্ৰতিষ্ঠানটোৰ এগৰাকী চিনিয়ৰ প্ৰবক্তাৰ পত্নী , বিদ্যাৰ্থী বৰা প্ৰতিষ্ঠানটোত প্ৰতিটো ঠিকা লাভ কৰা এগৰাকী ঠিকাদাৰৰ কন্যা।
২০১৭ চনৰ ৬ জুনত কাকজান আঞ্চলিক ছাত্র সন্থাই তেতিয়াৰ যোৰহাট জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ অবৈধ নিযুক্তি সম্পৰ্কে তদন্তৰ দাবী তুলি স্মাৰক প্ৰেৰণ কৰিছিল।উক্ত অভিযোগৰ ভিত্তিত ২০১৭ চনৰ ২৮ জুনত তেতিয়াৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্ৰাল ,আছু আৰু জিষ্ট কৰ্তৃপক্ষৰ ত্ৰিপাক্ষিক আলোচনাৰ অন্তত তাৎক্ষণিক ভাৱে তিনিওটা পদ বাতিল কৰিবলৈ জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্দেশনা জাৰি কৰিছিল।কিন্তু ৰহস্যজনকভাৱে জিষ্ট কৰ্তৃপক্ষই বাতিল অথৱা বৰ্খাস্তকৰণৰ কোনো ব্যৱস্থাই গ্ৰহন কৰা দেখা নগ'ল।
শেহতীয়াকৈ আছুৰ ধাৰাবাহিক অভিযোগৰ ভিত্তিত কাৰিকৰী শিক্ষা সঞ্চালকালয়ে যোৱা ২৬ জুনত তিনিওগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে বুলি জানিব পৰা গৈছে।উল্লেখ্য বিনা বিজ্ঞাপণ অথৱা কোনো সাক্ষাৎকাৰত নবহাকৈ চাকৰি লাভ কৰা অঞ্জনা দত্ত প্ৰতিষ্ঠানটোৰ এগৰাকী চিনিয়ৰ প্ৰবক্তাৰ পত্নী , বিদ্যাৰ্থী বৰা প্ৰতিষ্ঠানটোত প্ৰতিটো ঠিকা আৱন্তন লাভ কৰা এগৰাকী ঠিকাদাৰৰ কন্যা।
আনহাতে প্ৰতিষ্ঠানটোত দীৰ্ঘদিনৰেপৰা আৱন্তিত বৃহৎ বৃহৎ পুজিৰ ব্যৱহাৰৰ নামতো ব্যাপক জালিয়াতি সংঘটিত হৈ আহিছে বুলি অভিযোগ তুলি, এইসমূহৰো সঠিক তদন্তৰ দাবী তুলিছে কাকজান আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় সচেতন মহলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|