যোৱা ২৩ অক্টোবৰ তাৰিখে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত সদৌ অসম মিঞা পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত স্থাপন কৰা হৈছিল এটা মিঞা মিউজিয়াম। মিঞা মিউজিয়ামটো স্থাপন হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হয় তুমুল বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ। শেহতীয়াকৈ, আজি গোৱালপাৰা প্ৰশাসনৰ তৎপৰতাত অবৈধভাৱে নিৰ্মাণ কৰা মিঞা মিউজিয়ামটো আজি ছীল কৰি দিয়া হয়।
তাৰপিছতেই, আজি কিছুসময় পূৰ্বে মিঞা পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, মিঞা আব্দুল বাতেন শ্বেখক গৌৰীপুৰৰ আলমগঞ্জৰ পৰা আটক কৰে আৰক্ষীয়ে। খবৰ অনুুসৰি, লক্ষীপুৰৰ মিঞা মিউজিয়াম উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল মিঞা আব্দুল বাতেন শ্বেখ। আব্দুল বাতেন শ্বেখ হ'ল ধুবুৰীৰ বি এন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক। আনহাতে, পৰিষদৰ সভাপতি গোৱালপাৰাৰ মোহৰ আলীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে, কিছুসময় পূৰ্বে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে এক টুইটযোগে জনোৱা অনুসৰি, গোৱালপাৰাৰ মোহৰ আলী আৰু ধুবুৰীৰ আব্দুল বাতেনক ঘগ্ৰাপাৰা থানাত ৰুজু গোচৰ নং 163/22, U/S-120(B)/121/121(A)/122 IPC, R/W-Sec-10/13 UA(P) Act ৰ অধীনত আটক কৰা হৈছে।
তদুপৰি, জি পি সিঙে উল্লেখ কৰা অনুসৰি, আলকায়দা আৰু বাংলাদেশৰ মৌলবাদী সংগঠন আনচাৰউল্লাহৰ সৈতে পৰিষদৰ সম্পৰ্ক সন্দৰ্ভতো অনুসন্ধান তথা জেৰা কৰা হ'ব ব্যক্তি দুজনক। আটকাধীন লোক দুজনক লৈ ইতিমধ্যে আৰক্ষীৰ দল এটাই ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।
আনহাতে, আন এক শেহতীয়া খবৰ অনুসৰি, মিঞা মিউজিয়াম উদ্বোধন কৰা 'আহোম ৰয়েল ছচাইটি'ৰ মূখ্য সম্পাদক টনু ধাদুমীয়া আটক কৰিছে আৰক্ষীয়ে। নামৰূপ আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী গাঁৱৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে টনু ধাদুমীয়াক। উল্লেখযোগ্য যে, আটক কৰা টনু ধাদুমীয়া হৈছে নাহৰকটীয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|