২৩জনলৈ বৃদ্ধি অসমৰ কোৰোণা ৰোগী, নতুনকৈ আক্ৰান্ত হোৱা ৩জনৰ এজন গুৱাহাটীৰ ব্যৱসায়ী !

News18 Assam | News18-Assam
Updated:April 4, 2020, 12:07 AM IST
২৩জনলৈ বৃদ্ধি অসমৰ কোৰোণা ৰোগী, নতুনকৈ আক্ৰান্ত হোৱা ৩জনৰ এজন গুৱাহাটীৰ ব্যৱসায়ী !
Source-Google

হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত জনালে।

  • Share this:
২৩জনলৈ বৃদ্ধি পালে অসমত কোৰোণা পজিটিভ ৰোগীৰ সংখ্যা। নতুনকৈ তিনিজন ৰোগী আক্ৰান্ত হোৱাৰ তথ্য টুইটাৰত সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আক্ৰান্ত তিনিজনৰ এজন কামৰূপ মেট্ৰ’, এজন কামৰূপৰ আৰু আনজন মৰিগাঁৱৰ। উদ্বেগজনক যে, তিনিজনৰ দুজনৰ সংযোগ নিজামুদ্দিনৰ মাৰকাজ যদিও আনজন মাৰকাজ ফেৰৎ নহয় অৰ্থাত্‍ অসমত তবলিগী জামাতৰ বাহিৰে প্ৰথমজন সংক্ৰমিত ৰোগীৰ তথ্য পোৱা গৈছে। কামৰূপ মহানগৰ অৰ্থাৎ গুৱাহাটীৰো প্ৰথমজন সংক্ৰমিত ব্যক্তিৰ তথ্য পোহৰলৈ আহিছে।



সূত্ৰমতে কামৰূপ মেট্ৰ’ৰ সংক্ৰমিত ব্যক্তিজন গুৱাহাটীৰ এজন ব্যৱসায়ী আৰু তেওঁ এটা বিলাসী এপাৰ্টমেণ্টৰ বাসিন্দা। শেহতীয়াকৈ দিল্লীলৈ যোৱা ব্যৱসায়ীজন কোৰোণাত সংক্ৰমিত হোৱাৰ তথ্য আহিছে যদিও সম্পূৰ্ণ তথ্য পৰৱৰ্তী সময়তহে পোৱা যাব।

শুকুৰবাৰে মুঠ সাতজন ব্যক্তি দিনটোৰ ভিতৰত সংক্ৰমিত হোৱাৰ তথ্য পোৱা যায়।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading