মিত্ৰতাৰ পৰা আঁতৰিব সাজু BPF, তিনি মন্ত্ৰী পদত্যাগৰ বাবে প্ৰস্তুত!

তথ্য মতে, সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ পৰা BPFৰ তিনি মন্ত্ৰী ক্ৰমে প্ৰমীলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম আৰু ৰিহণ দৈমাৰীয়ে পদত্যাগ কৰিবলৈ সাজু হৈ আছে৷
তথ্য মতে, সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ পৰা BPFৰ তিনি মন্ত্ৰী ক্ৰমে প্ৰমীলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম আৰু ৰিহণ দৈমাৰীয়ে পদত্যাগ কৰিবলৈ সাজু হৈ আছে৷
- News18 Assam
- Last Updated: November 18, 2020, 6:23 PM IST
হিমন্তৰ এনে কঠোৰ সমালোচনাৰ বাবে এতিয়া BPF আঁতৰি যাবলৈ সাজু হৈছে মিত্ৰতাৰ পৰা৷ অহা সাত আৰু দহ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া BTCৰ নিৰ্বাচনত BPF–এ ২৪খন আসন দখলৰ লক্ষ্যৰে কাম আৰম্ভ কৰি দিছে৷ কিন্তু BJPৰ সৈতে BTCৰ নিৰ্বাচনৰ পিছতেই মিত্ৰতা ভংগ কৰিব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF–এ৷ তথ্য মতে, সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ পৰা BPFৰ তিনি মন্ত্ৰী ক্ৰমে প্ৰমীলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম আৰু ৰিহণ দৈমাৰীয়ে পদত্যাগ কৰিবলৈ সাজু হৈ আছে৷ ইপিনে দুটা পৰ্যায়ত BTCৰ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ সাজু ৰাজ্যিক নিৰ্বাচন আয়োগ৷
ইয়াৰ মাজতে অহা বিশ ডিচেম্বৰত নতুন দিল্লীত BPFৰে মিত্ৰতা থাকিবনে নাই সেই লৈ আয়োজন কৰা হৈছে এক বৈঠক৷ BJPৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, NEDAৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক BJPৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু ৰাজ্যিক BJPৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাও উপস্থিত থাকিব৷ ২০ ডিচেম্বৰৰ বৈঠকতেই BPFৰে আগন্তুক দিনত BJPৰ মিত্ৰতা অক্ষুণ্ণ থাকিব নে নাই চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব৷