• Home
  • »
  • News
  • »
  • assam
  • »
  • গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত তিনিজন লোকৰ মৃত্যু

গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত তিনিজন লোকৰ মৃত্যু

প্ৰায় সাতটাকৈ বন্যহস্তীয়ে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ গৃহও ভাঙি চুৰমাৰ কৰে।

প্ৰায় সাতটাকৈ বন্যহস্তীয়ে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ গৃহও ভাঙি চুৰমাৰ কৰে।

প্ৰায় সাতটাকৈ বন্যহস্তীয়ে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ গৃহও ভাঙি চুৰমাৰ কৰে।

  • Share this:
গোৱালপাৰাৰ লক্ষীপুৰত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস। যোৱানিশা বনৰীয়া হাতীৰ জাকে প্ৰাণ কাঢ়িলে তিনিজনকৈ লোকৰ। হাতীৰ গছকত প্ৰাণ গ'ল এটা গৰু, এটা কুকুৰৰো। এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে লক্ষীপুৰৰ দ'দান গাঁও পঞ্চায়তৰ অধীনৰ কুৰং গাঁৱত। গাওঁখনৰ সাৰথি লামা আৰু তেওঁৰ চাৰি বছৰীয়া পুত্র সুচিত বিশ্বকৰ্মাৰ লগতে ভীম বাহাদুৰ ৰায় নামৰ তিনি গৰাকী লোকে হাতীৰ গছকত অকাল মৃত্যুক আকোঁৱালি ল'বলগা হয়। প্ৰায় সাতটাকৈ বন্যহস্তীয়ে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ গৃহও ভাঙি চুৰমাৰ কৰে।
Published by:Sanjay Kumar Das
First published: