লকডাউনত বহিঃৰাজ্যৰ পৰা কিমান মানুহ আহিল অসমলৈ, আৰু কিমান আহিব?

News18 Assam | News18-Assam
Updated:June 30, 2020, 1:09 PM IST
লকডাউনত বহিঃৰাজ্যৰ পৰা কিমান মানুহ আহিল অসমলৈ, আৰু কিমান আহিব?
লকডাউনৰ সময়ছোৱাৰ পৰা এতিয়ালৈকে অসমৰ পৰা বহিঃৰাজ্যলৈ গৈছে ৫৭,০০০ হাজাৰ লোক।

লকডাউনৰ সময়ছোৱাৰ পৰা এতিয়ালৈকে অসমৰ পৰা বহিঃৰাজ্যলৈ গৈছে ৫৭,০০০ হাজাৰ লোক।

  • Share this:
দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ছোৱাৰ পৰাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম ৰাজ্যিক পৰিবহন বিভাগে। বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক বাছৰ জৰিয়তে নিজ গন্তব্য স্থানলৈ নিয়াৰ দায়িত্ব পালন কৰি আহিছে এ এছ টি চিয়ে। ৰে’ল, বিমান আৰু নিজ গাড়ীৰ সহায়ত যোৱা ৭৫ দিনত অসমত প্ৰৱেশ কৰিছে ৩,৫৮,০০০ হাজাৰ লোকে।ইয়াৰে শ্ৰমিক ৰে’লকে ধৰি বিভিন্ন ৰে’লৰ জৰিয়তে অসমলৈ আহিছে ১,২৭,০০০ হাজাৰ লোক। বিমানৰ জৰিয়তে আহিছে ৭৬,০০০ হাজাৰ লোক। নিজ নিজ বাহনৰ জৰিয়তে অথবা মূল ঘাইপথৰ জড়িতে আহিছে ১,৫৬,০০০ হাজাৰ লোক। এই তথ্য জানিবলৈ দিছে এ এছ টি চিৰ অধ্যক্ষ অশোক ভট্ট ৰয়ে।

আনহাতে, লকডাউনৰ সময়ছোৱাৰ পৰা এতিয়ালৈকে অসমৰ পৰা বহিঃৰাজ্যলৈ গৈছে ৫৭,০০০ হাজাৰ লোক। এই সংখ্যা বিগত কেইটামান দিনত বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক।কিয়নো বহিঃৰাজ্যৰ পৰা এতিয়াও বহু ৰে’ল আহিব বাকী আছে। ইয়াৰোপৰি দৈনিক ৩০ খনৰো অধিক বিমান অহা যোৱা কৰিছে গুৱাহাটীলৈ। ৰে’ল যাত্ৰীসকলক গন্তব্য স্থানলৈ নিয়াৰ বাবে বিশেষ ব্যৱস্থা কৰিছে অসম ৰাজ্যিক পৰিবহণ বিভাগে। গুৱাহাটীত লকডাউন চলি থকাৰ বাবে আৰক্ষী থানাৰ জৰিয়তে ২৩টাকৈ স্থানৰ ব্যৱস্থা কৰিছে বিভাগটোৱে।বহিঃৰাজ্যলৈ যোৱাসকলৰ বাবে ৰে’লৰ অথবা বিমানৰ টিকটে হ’ব তেওঁলোকৰ পৰিচয় পত্ৰ।
First published: June 30, 2020, 1:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading