শিলচৰত হজযাত্ৰীৰ ওপৰত আক্ৰমণ চলালে তিনি দুৰ্বৃত্তই!

দুস্কৃতিকাৰীয়ে তিনিও গৰাকী হজযাত্ৰীক ৰাজপথতে হত্যাৰ ভাবুকি দিয়াৰ লগতে খুলি দিয়ে পিন্ধি থকা ধৰ্মীয় টুপি

News18-Assam
Updated:June 28, 2019, 1:49 PM IST
শিলচৰত হজযাত্ৰীৰ ওপৰত আক্ৰমণ চলালে তিনি দুৰ্বৃত্তই!
দুস্কৃতিকাৰীয়ে তিনিও গৰাকী হজযাত্ৰীক ৰাজপথতে হত্যাৰ ভাবুকি দিয়াৰ লগতে খুলি দিয়ে পিন্ধি থকা ধৰ্মীয় টুপি
News18-Assam
Updated: June 28, 2019, 1:49 PM IST
বৃহস্পতিবাৰে  শিলচৰত আক্ৰমণ কৰা হয় তিনিগৰাকী হজযাত্ৰীক।হজ যাত্ৰালৈ যোৱাৰ বাবে যাৱতীয় তথ্য নিবলৈ বৃহস্পতিবাৰে শিলচৰলৈ আহিছিল তিনি হজযাত্ৰী ক্ৰমে জমিৰ উদ্দিন লস্কৰ, নাজিৰ আহমেদ লস্কৰ, আব্দুল খালিক চৌধুৰী। তেনে সময়তে তিনি দুস্কৃতিকাৰীয়ে তিনিও গৰাকী হজযাত্ৰীক ৰাজপথতে হত্যাৰ ভাবুকি দিয়াৰ লগতে পিন্ধি থকা টুপি খুলি দিয়ে। সাম্পদায়িক বিষবাষ্প বিয়পাই সমাজখন অস্থিৰ কৰি তুলিব বিচৰা তিনি দুষ্কৃতিকাৰীৰ এনে কৰ্মকাণ্ডই তিনিওগৰাকী ইছলামধৰ্মী লোকৰ ধৰ্মীয় অনুভুতিত আঘাত হানে। ঘটনা সন্দৰ্ভত হজযাত্ৰী কেইজনে আৰক্ষী থানাত গোচৰ ৰুজু কৰে। লগতে বিভিন্ন  দল সংগঠনেও বাৰ ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰৰ দাবী জনাই জিলা প্ৰশাসনৰ ওচৰত।

শুক্ৰবাৰে আৰক্ষীয়ে আভিযান চলাই শিলচৰৰ নিজ গৃহৰ পৰা আটক কৰে তিনি দুস্কৃতিকাৰী ক্ৰমে জয়দীপ পাল, সব্যসাচী চক্ৰৱৰ্তী আৰু বাপ্পা পালক। সম্প্ৰতি শিলচৰ থানাত জেৰা অব্যাহত ৰখা হৈছে তিনিওজনকে। আক্ৰমণৰ বলি হোৱা হজযাত্ৰী কেইজনৰ ঘৰ ধলাই সমষ্টিত বুলি জানিব পৰা গৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি