শিলচৰত তিনিগৰাকী হজযাত্ৰীৰ ওপৰত আক্ৰমণ

শিলচৰ সদৰ থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ভুক্তভোগী লোককেইজনে।

News18-Assam
Updated:June 28, 2019, 8:08 AM IST
শিলচৰত তিনিগৰাকী হজযাত্ৰীৰ ওপৰত আক্ৰমণ
শিলচৰ সদৰ থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ভুক্তভোগী লোককেইজনে।
News18-Assam
Updated: June 28, 2019, 8:08 AM IST
শিলচৰ চহৰৰ মাজমজিয়াৰ চেন্ট্রেল ৰোডত হজযাত্ৰীৰ ওপৰত আক্ৰমণ। তিনিজন হযজাত্ৰীক আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে। ইতিমধ্যে শিলচৰ সদৰ থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ভুক্তভোগী লোককেইজনে। আটাইকেইজন হজযাত্ৰীৰ ঘৰ ধলাই সমষ্টিৰ ভাগাবজাৰত। হজত যোৱাৰ বাবে জিলা প্ৰশাসনৰ পৰা প্ৰদান কৰা পৰিচয় পত্ৰ নিবলৈ অহাৰ সময়তে লোককেইজনক আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে। ভুক্তভোগী লোককেইজনৰ নাম জমিৰ উদ্দিন লস্কৰ, আব্দুল খালেক চৌধুৰী আৰু নাজিৰ আহমেদ লস্কৰ। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শিলচৰত।
আৰু চাওক পৰৱৰ্তী বাতৰি