গোলকগঞ্জত কৰুণ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ স্বামী–স্ত্ৰীসহ একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

চৰাইখোলা গাঁৱত সংঘটিত হৈছে এই ঘটনা। পথাৰত পৰি থকা বিদ্যুত্‍ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় তিনিওজনৰ।

News18-Assam
Updated:October 4, 2019, 9:42 AM IST
গোলকগঞ্জত কৰুণ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ স্বামী–স্ত্ৰীসহ একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু
চৰাইখোলা গাঁৱত সংঘটিত হৈছে এই ঘটনা। পথাৰত পৰি থকা বিদ্যুত্‍ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় তিনিওজনৰ।
News18-Assam
Updated: October 4, 2019, 9:42 AM IST
শক্তি বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবেই গোলকগঞ্জত সংঘটিত হ’ল এক কৰুণ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ স্বামী–স্ত্ৰীসহ একেটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু। চৰাইখোলা গাঁৱত সংঘটিত হৈছে এই ঘটনা। পথাৰত পৰি থকা বিদ্যুত্‍ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় তিনিওজনৰ।

বৃহস্পতিবাৰে বিয়লি ৰাতিয়াদহৰ ইছপ আলী শ্বেখ নামৰ লোকজনে চৰাইখোলা গাঁৱত নিজৰ খেতিপথাৰত ঔষধ ছটিয়াবলৈ যোৱাৰ সময়তে পথাৰত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। বহু সময় ধৰি আলী ঘৰলৈ নহাত পত্নী বাছা বিবিয়ে পথাৰলৈ গৈ স্বামীক পথাৰত পৰি থকা প্ৰত্যক্ষ কৰে। মহিলাগৰাকীয়ে মৃত স্বামীৰ শৰীৰত হাত দিয়াৰ লগে লগে বিদ্যুৎস্পৃষ্ট হয়। তাৰ পিছতে তেওঁলোকক উদ্ধাৰ কৰিবলৈ গৈছিল বাছা বিবিৰ শহুৰেক বাদশা আলী। ফলত বাদশা আলীও বিদ্যুৎস্পৃষ্ট হৈ আহত হয়।

সেই সময়তে এটি শিশুৱে চিঞৰ–বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হয় আৰু বিদ্যুৎ কৰ্তন কৰে। ৰাইজে তিনিওকে পথাৰৰ পৰা উদ্ধাৰ কৰে। আহত বাদশা আলী শ্বেখ আৰু বাছা বিবিক ধুবুৰী আসমৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছতে স্থানীয় লোকে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি