দৰঙৰ ধুলা থানাৰ অন্তৰ্গত আদিবাসী বনকৰা যুৱতীৰ মৃত্যুৰ ভুৱা পোষ্টমৰ্টেম ৰিপ'ৰ্ট দিয়া মঙলদৈ অসামৰিক চিকিৎসালয় তিনি চিকিৎসকক গ্ৰেপ্তাৰ। আজি গ্ৰেপ্তাৰবৰণ কৰা তিনি চিকিৎসক হৈছে ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা, ডাঃ অজন্তা বৰদলৈ (Doctor Arrested in Mangaldoi for false postmortem report) ।
উল্লেখ্য, ১ নৱেম্বৰত ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ হত্যাকাণ্ডক গাপ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক।
অভিযোগ অনুসৰি দৰঙৰ ধূলাত SSB জোৱান কৃষ্ণকমল বৰুৱাৰ বাসগৃহত বনকৰা কিশোৰীৰ ৰহস্যজনক হত্যাকাণ্ডক আৰক্ষী বিষয়া উৎপল বৰাই আত্মহত্যাৰ ৰূপ দিছিল।
পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসককো মেনেজ কৰিছিল উৎপল বৰাই৷ কিন্তু এই ঘটনাৰ পিছতেই ৰাজ্যৰ ভিন্ন প্ৰান্তত ন্যায় বিচাৰি হৈছিল ব্যাপক প্ৰতিবাদ৷ এই প্ৰতিবাদৰ পিছতেই আৰতি তুৰিৰ ওদালগুৰিস্থিত বাসগৃহত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত লগে লগে তিনিজনীয়া বিষয়াৰে গঠন কৰা হৈছিল SIT৷ SITৰ চৰজমিন তদন্ততে পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য৷ মৃতদেহ নমোৱাৰ সময়ত আৰক্ষীয়ে লোৱা নাছিল কোনোধৰণৰ ভিডিঅ'গ্ৰাফী আৰু ফিংগাৰপ্ৰিন্ট, চিকিৎসকেও দিয়া নাছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰকৃত তথ্য।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|