
শুকুৰবাৰে নিশা মৃত্যু হয় ৫২ বছৰীয়া ডলী গগৈ নামৰ এগৰাকী মহিলাৰ।
শুকুৰবাৰে নিশা মৃত্যু হয় ৫২ বছৰীয়া ডলী গগৈ নামৰ এগৰাকী মহিলাৰ।
মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত তিনিগৰাকী কোৰোণা ৰোগীৰ মৃত্যু। শুকুৰবাৰে নিশা মৃত্যু হয় ৫২ বছৰীয়া ডলী গগৈ নামৰ এগৰাকী মহিলাৰ। মৃত ডলী গগৈৰ ঘৰ তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰত। কোৰোণাত আক্ৰান্ত মহিলাগৰাকী দুদিন পূৰ্বে চিকিৎসাধীন হৈছিল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত। আনহাতে শুকুৰবাৰে দিনৰ ভাগত মৃত্যু হয় ৪৮ বছৰীয়া সীমান্ত বুঢ়াগোহাঁই আৰু ৪৫ বছৰীয়া দীপক চাহু নামৰ দুজন লোকৰ। অৱশ্যে মৃত লোক দুজন মধুমেহ আৰু অন্য ৰোগতো আক্ৰান্ত আছিল বুলি সদৰি কৰিছে অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|