মুখ্যপৃষ্ঠা »খবৰ »অসম »বিষাক্ত কাঠফুলা খাই উমৰাংছুত তিনিজনৰ মৃত্যু, চিকিৎসাধীন ৬জন

বিষাক্ত কাঠফুলা খাই উমৰাংছুত তিনিজনৰ মৃত্যু, চিকিৎসাধীন ৬জন

হাবিৰ পৰা কাঠফুলা আনি তিনিটা পৰিয়ালে খাইছিল। তাৰ পিছতে পৰিয়ালকেইটাৰ ৯জন লোক অসুস্থ হৈ পৰিছিল।

হাবিৰ পৰা কাঠফুলা আনি তিনিটা পৰিয়ালে খাইছিল। তাৰ পিছতে পৰিয়ালকেইটাৰ ৯জন লোক অসুস্থ হৈ পৰিছিল।

হাবিৰ পৰা কাঠফুলা আনি তিনিটা পৰিয়ালে খাইছিল। তাৰ পিছতে পৰিয়ালকেইটাৰ ৯জন লোক অসুস্থ হৈ পৰিছিল।

  • Share this:
বিষাক্ত কাঠফুলা খাই ডিমা হাছাও জিলাৰ উমৰাংছুত তিনিজন লোকৰ মৃত্যু। মঙলবাৰে বিষাক্ত কাঠফুলা খাই এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন আঠজন অসুস্থ হয়। জংঘলৰ পৰা অনা কাঠফুলা খাই এই লোকসকল অসুস্থ হৈ পৰে। লগে লগে তেওঁলোকক উমৰাংছু গ্ৰামীণ হাস্পতালত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী পৰ্যায়ত স্বাস্থ্যৰ অৱনতি ঘটাত ৬জনক দেওবাৰে হাফলং চিভিল হাস্পতাললৈ স্থানান্তৰ কৰা হয়। দেওবাৰে হাফলং চিভিল হাস্পতালত মাণিক কুৰ্মী নামৰ এজন লোকৰ মৃত্যু হয়।

আজি হাফলং চিভিল হাস্পতালত আন দুজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোক দুজনৰ নাম সুজাতা তামাং আৰু সুৰৌ লামা। আনহাতে, চিকিৎসাধীন হৈ আছে প্ৰেম বাহাদুৰ, প্ৰেমলাল কুৰ্মী, সুৰজ তামাং, মায়া লামা, ৰাধা কুৰ্মী আৰু ডিম্পী কুৰ্মী।

উল্লেখযোগ্য যে হাবিৰ পৰা কাঠফুলা আনি তিনিটা পৰিয়ালে খাইছিল। তাৰ পিছতে পৰিয়ালকেইটাৰ ৯জন লোক অসুস্থ হৈ পৰিছিল। উমৰাংছুৰ আঠকিলো অঞ্চলত সংঘটিত হয় এই ঘটনা।

শেহতীয়া বাতৰি