তিনিচুকীয়া জিলাত তিনিজনৰ Covid-19 পজিটিভ, ডিগবৈৰ আক্ৰান্ত মহিলাগৰাকীৰ নাই ট্ৰেভেল হিস্ত্ৰী

News18 Assam | News18-Assam
Updated:May 29, 2020, 8:30 AM IST
তিনিচুকীয়া জিলাত তিনিজনৰ Covid-19 পজিটিভ, ডিগবৈৰ আক্ৰান্ত মহিলাগৰাকীৰ নাই ট্ৰেভেল হিস্ত্ৰী
ডিগবৈৰ এগৰাকী মহিলাসহ এজন ডুমডুমা আৰু এজন মাৰ্ঘেৰিটাৰ বুলি জানিব পৰা গৈছে।

ডিগবৈৰ এগৰাকী মহিলাসহ এজন ডুমডুমা আৰু এজন মাৰ্ঘেৰিটাৰ বুলি জানিব পৰা গৈছে।

  • Share this:
তিনিচুকীয়া জিলাৰ তিনিগৰাকী লোকৰ দেহত ওলাইছে কোৰোণা পজিটিভ। ডিগবৈৰ এগৰাকী মহিলাসহ এজন ডুমডুমা আৰু এজন মাৰ্ঘেৰিটাৰ বুলি জানিব পৰা গৈছে।
মাৰ্ঘেৰিটাৰ কোৰোণা পজিটিভ লোকজন হ'ল মাৰ্ঘেৰিটাৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা প্ৰকাশ গুৰুং। ডুমডুমাৰ কোৰোণা পজিটিভ লোকজন হ'ল ডুমডুমাৰ কোৱাৰোণ্টাইন চেণ্টাৰত থকা মুন্না কুমাৰ শ্বাহ। ডিগবৈৰ কোৰোণা পজিটিভ মহিলাগৰাকী মুলীয়াবাৰী নিবাসী সান্তনা দাস। মহিলাগৰাকী দুদিন ধৰি জ্বৰত ভুগি আছিল। মহিলাগৰাকীৰ নাই কোনো ট্ৰেভেল হিস্ত্ৰী। তিনিওকে ডিব্ৰুগড় অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।
First published: May 29, 2020, 8:30 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি