দুধনৈত কান্দোনৰ ৰোল, পুখুৰীত পৰি মৃত্যু একেটা পৰিয়ালৰে তিনিটা শিশুৰ, ‘লাডেন’ৰ আক্ৰমণত নিহত ৫জন

‘লাডেন’ নামৰ বনৰীয়া হাতীটোৰ আক্ৰমণত ২৪ ঘণ্টাত নিহত হৈছে শিশু–মহিলাসহ ৫জন লোক।

News18-Assam
Updated:October 30, 2019, 9:41 AM IST
দুধনৈত কান্দোনৰ ৰোল, পুখুৰীত পৰি মৃত্যু একেটা পৰিয়ালৰে তিনিটা শিশুৰ, ‘লাডেন’ৰ আক্ৰমণত নিহত ৫জন
‘লাডেন’ নামৰ বনৰীয়া হাতীটোৰ আক্ৰমণত ২৪ ঘণ্টাত নিহত হৈছে শিশু–মহিলাসহ ৫জন লোক।
News18-Assam
Updated: October 30, 2019, 9:41 AM IST
গোৱালপাৰা জিলাৰ দুধনৈৰ মিঞাপাৰাত সংঘটিত হৈছে এক কৰুণ ঘটনা। পুখুৰীত পৰি মৃত্যু একেটা পৰিয়ালৰে তিনিটা শিশুৰ। পুখুৰীত গৈ ধুবলৈ গৈ সলিলসমাধি ঘটে শিশুকেইটাৰ। মৃত শিশুকেইটা ৪ বছৰীয়া ঋষভ জুৰো, ৫ বছৰীয়া দীপন জুৰো আৰু ৬ বছৰীয়া ৰণবীৰ জুৰো। মঙলবাৰে সন্ধিয়া সংঘটিত হয় এই কৰুণ ঘটনা।

আনহাতে, ‘লাডেন’ নামৰ বনৰীয়া হাতীটোৰ আক্ৰমণত ২৪ ঘণ্টাত নিহত হৈছে শিশু–মহিলাসহ ৫জন লোক। মঙলবাৰৰ পুৱা মাটিয়া বাকাইটাৰীত এজন লোকক আক্ৰমণ কৰি নিহত কৰাৰ পিছত হাতীটোৱে মাটিয়া পাহাৰত অৱস্থান কৰিছিল৷ সন্ধিয়া হোৱাৰ লগে লগে পুনৰ ত্ৰাসৰ সৃষ্টি কৰে হাতীটোৱে। হাতীটোৰ আক্ৰমণত নিহত হয় চাৰিজন লোক।

মৃত লোক কেইজন ক্ৰমে বগুৱান হাঁহচৰাবৰী গাঁৱৰ হাচিন বানু নেছা (৫০), মাটিয়াৰ মিজানুৰ ৰহমান (১১), জাহানাৰা খাতুন (২৭) আৰু সিধাবাৰী গাঁৱৰ মিনতি কলিতা (৩৫)৷ মঙলবাৰে পুৱা হাতীটোৰ গচকত প্ৰাণ গৈছিল বাকাইটাৰী মোনাকোছাৰ টিকেন্দ্ৰ চন্দ্ৰ নাথৰ৷

উল্লেখযোগ্য যে মঙলবাৰে হাতীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত গোৱালপাৰাতে আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। হাতীৰ আক্ৰমণৰ কথা জানিব পাৰি মুখ্যমন্ত্ৰীয়ে তৎকালীনভাৱে বি বিভাগক হাতীটোক ট্ৰেংকুলাইজ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে নিহতসকলৰ পৰিয়াললৈ চাৰিলাখ টকাকৈ এককালীন সাহায্যও ঘোষণা কৰে।

আনহাতে, নিশাই ঘটনাস্থলী পৰিদৰ্শন কৰে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে৷ উপায়ুক্ত বৰ্ণালী ডেকাই সাক্ষাৎ কৰে মৃত লোকসকলৰ পৰিয়ালক। হাতীটোক নিয়ন্ত্ৰণৰ বাবে আজি গুৱাহাটী আৰু মানাহৰ পৰা ৰাওনা হৈছে বন বিভাগৰ দুটা দল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি