‘অগপৰ তিনি মন্ত্ৰীয়ে যিকোনো মুহূৰ্তত কৰিব পাৰে বিজেপিত যোগদান, মানি লৈছে CAB’

News18 Assam | News18-Assam
Updated:November 30, 2019, 1:58 PM IST
‘অগপৰ তিনি মন্ত্ৰীয়ে যিকোনো মুহূৰ্তত কৰিব পাৰে বিজেপিত যোগদান, মানি লৈছে CAB’
Source-Google

‘CAB মানি লৈছে অগপৰ তিনি মন্ত্ৰীয়ে। যিকোনো মুহূৰ্তত যোগদান কৰিব BJPত’–এই মন্তব্য কৰিলে কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে।

  • Share this:
‘CAB মানি লৈছে অগপৰ তিনি মন্ত্ৰীয়ে। যিকোনো মুহূৰ্তত যোগদান কৰিব BJPত’

‘পঞ্চায়ত নিৰ্বাচনৰ আগৰ নাটক খনৰ কথা কোনে পাহৰিব! এজনে মাতৃৰ কথা মতে ৰাইজৰ লগত থাকিব  বুলি ত্যাগ কৰিছিল মন্ত্ৰীপদ। এজনৰ আকৌ কান্দি কাটি অৱস্থা নাইকীয়া হৈছিল । আনজনৰ কথা বাৰু নকওৱেই।’ কিন্তু মোদী চৰকাৰৰ প্ৰথমখন চৰকাৰৰ শেষৰ লোকসভাত CAB গৃহীত নোহোৱাত আকৌ ঘৃৰাই লৈছিল মন্ত্ৰীপদ। আনকি বিজেপিৰ লগত বুজাবুজিৰে লোকসভা অধিবেশন নিৰ্বাচনতো আৱতীৰ্ণ হৈছিল অসম গণ পৰিষদে’।

দ্বিতীয় বাৰলৈ ক্ষমতা দখল কৰাৰ পিছত বিজেপি চৰকাৰ আকৌ সাজু হ’ল CAB গৃহীত কৰিবলৈ। এতিয়া কেন্দ্ৰীয় চৰকাৰে কোনো কথাই নামানে, CAB আনিবলৈ বদ্ধপৰিকৰ। অসমৰ কেইজনটো আৰু অলপ ওপৰত! হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি একাংশ বিজেপি নেতাই যি CAB ৰ বিৰোধ কৰে তাকেই কৰে চূড়ান্ত তাচ্ছিল্ল্য। মুখ্যমন্ত্ৰীৰ মুখতো নাই CAB ৰ সম্পৰ্কত কোনো মন্তব্য। কিন্তু আটাইতকৈ পৰিতাপৰ কথাটো হ’ল, বাৰে বাৰে হিমন্তই অসম চুক্তিক নস্যাৎ কৰিছে, CAB গৃহীত কৰিবলই মুলি দাম্ভিকতাৰে কৈছে  তথাপিও অসম চুক্তিৰ গয়নালৈয়ে চৰকাৰ গঠন কৰা অসম গণ পৰিষদৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী এতিয়া নিশ্চুপ। তিনিওৰে মুখত মাত্ৰ এটাই কথা, ‘CABৰ সম্পৰ্কত বিজেপিয়ে আমাৰ লগত আলোচনা কৰিব, আমি আশাবাদী’

অগপৰ এই তিনি মন্ত্ৰীৰ শেহতীয়া স্থিতিৰ সন্দৰ্ভত এইবাৰ মন্তব্য কৰিছে কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে কয় যে, যিকোনো মুহূৰ্তত BJP ত যোগদান কৰিব অগপৰ তিনিওগৰাকী মন্ত্ৰীয়ে। CAB ইতিমধ্যে মানি লৈছে তিনিওগৰাকী মন্ত্ৰীয়ে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি