• Home
  • »
  • News
  • »
  • assam
  • »
  • 'এইবাৰ ঘৰৰ এজন লোক কোৰোণাত আক্ৰান্ত হ'লে, বাকীসকলো আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে'- কি পৰামৰ্শ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

'এইবাৰ ঘৰৰ এজন লোক কোৰোণাত আক্ৰান্ত হ'লে, বাকীসকলো আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে'- কি পৰামৰ্শ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কোৰোণাৰ এনে সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিটো মুহূৰ্ততে ৰাইজক কোৰোণা বিধি মানি চলিবলৈ আহ্বান জনাই আহিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কোৰোণাৰ এনে সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিটো মুহূৰ্ততে ৰাইজক কোৰোণা বিধি মানি চলিবলৈ আহ্বান জনাই আহিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কোৰোণাৰ এনে সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিটো মুহূৰ্ততে ৰাইজক কোৰোণা বিধি মানি চলিবলৈ আহ্বান জনাই আহিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
দেশত কোৰোণাৰ ভয়াৱহ সংক্ৰমণ। কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা প্ৰতি দিনাই দ্ৰুত গতিত বাঢ়িছে। অসমতো ক্ৰমাত্‍ জটিল হৈ আহিছে পৰিস্থিতি। বৃহস্পতিবাৰৰ দিনটোত প্ৰায় ২০০০ৰ ওচৰৰ লোক আক্ৰান্ত হৈছে কোৰোণাত। কোৰোণাৰ এনে সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিটো মুহূৰ্ততে ৰাইজক কোৰোণা বিধি মানি চলিবলৈ আহ্বান জনাই আহিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে সংবাদিকৰ সৈতে মুখামুখি হোৱাপ সময়ত মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে জনাই যে, আগন্তুক ৪,৫ দিনৰ ভিতৰত মহানগৰীত কোৰোণা ৰোগীৰ বাবে  সাজু কৰা হ'ব অতিৰিক্ত ১০৫০ খন বিচনা। সেইদৰে খানাপাৰাত আইচিইউ কোভিড কেয়াৰ চেণ্টাৰত ১০০ খন বিচনা সংযোগ কৰা হ'ব।

ইফালে এই মুহূৰ্তলৈকে ৰাজ্যত   অক্সিজেন আৰু প্ৰয়োজনীয় সকলো ঔষধ মজুত আছে বুলি জনাই দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে নতুনকৈ ধৰা পৰা কোৰোণাৰ ডাবল মিউটেণ্ট সংক্ৰমিত ৰোগীক আছুতীয়াকৈ ৰখাৰ প্ৰয়োজনীয়তা নাই বুলিও জনাই দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

যোৱাবাৰ ঘৰৰ কোনো লোক কোৰোণাত আক্ৰান্ত হ'লে আনজনে সাৱধানতা অৱলম্বন কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ ঘৰৰ এজন লোক কোৰোণাত আক্ৰান্ত হ'লে বাকী কেইজনো কোৰোণাত আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও সাৱধান কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে। গতিকে দেহত কোৰোণাৰ লক্ষণে দেখা দিলে সেই কথা গোপনে নাৰাখিবলৈ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published: