১২ ৰাজ্যৰ ৯৬ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ মহাৰণ

আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ১২খন ৰাজ্যৰ মুঠ ৯৬টা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

news18assam
Updated:April 18, 2019, 7:07 AM IST
১২ ৰাজ্যৰ ৯৬ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ মহাৰণ
আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ১২খন ৰাজ্যৰ মুঠ ৯৬টা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
news18assam
Updated: April 18, 2019, 7:07 AM IST
আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ১২খন ৰাজ্যৰ মুঠ ৯৬টা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱাৰে পৰা ভোট কেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ শাৰী। নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে জনসাধাৰণ।

দ্বিতীয় পৰ্যায়ত অসমত মুঠ ৫টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। অসমৰ মঙলদৈ, নগাঁও, কৰিমগঞ্জ, ডিফু আৰু শিলচৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আজি। ৫টা সমষ্টিত EVMত বন্দী হ’ব ৪৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

অসমৰ ৫ সংসদীয় সমষ্টিত মুঠ ১ কোটি ৪৫ লাখ ১৪ হাজাৰ ৫০ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৪৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। এই পাঁচটা সমষ্টিৰ ভিতৰত মঙলদৈ আৰু নগাঁও বিজেপিৰ দখলত থকাৰ বিপৰীতে শিলচৰ আৰু ডিফু কংগ্ৰেছৰ দখলত আছে। কৰিমগঞ্জ সমষ্টিটো আছে এ আই ইউ ডি এফৰ দখলত।

আনহাতে, বিহাৰত ৫টা সমষ্টি, ছট্টীশগড়ত ৩টা সমষ্টি, জম্মু–কাশ্মীৰত ২টা সমষ্টি, কৰ্ণাটকত ১৪টা সমষ্টি, মহাৰাষ্ট্ৰত ১০টা সমষ্টি, মণিপুৰত এটা সমষ্টি, ওড়িশাত ৫টা সমষ্টি, পুডুচেৰীত এটা, তামিলনাডুত ৩৯ এটা, উত্তৰ প্ৰদেশত ৮টা আৰু পশ্চিম বংগত ৩টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি