মহাভাৰত ২০১৯, দ্বিতীয় পৰ্যায়ৰ ৫ সমষ্টিত বিজেপি–কংগ্ৰেছৰ পোণপটীয়া যুঁজ

১৮ এপ্ৰিলত ৰাজ্যৰ পাঁচটা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত মঙলদৈ, নগাঁও, শিলচৰ, কৰিমগঞ্জ আৰু ডিফু সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ৫ সংসদীয় সমষ্টিৰ মুঠ ১ কোটি ৪৫ লাখ ১৪ হাজাৰ ৫০ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৫০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

news18assam
Updated:April 17, 2019, 5:32 PM IST
মহাভাৰত ২০১৯, দ্বিতীয় পৰ্যায়ৰ ৫ সমষ্টিত বিজেপি–কংগ্ৰেছৰ পোণপটীয়া যুঁজ
১৮ এপ্ৰিলত ৰাজ্যৰ পাঁচটা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত মঙলদৈ, নগাঁও, শিলচৰ, কৰিমগঞ্জ আৰু ডিফু সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ৫ সংসদীয় সমষ্টিৰ মুঠ ১ কোটি ৪৫ লাখ ১৪ হাজাৰ ৫০ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৫০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
news18assam
Updated: April 17, 2019, 5:32 PM IST
১৮ এপ্ৰিলত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত অসমৰ মঙলদৈ, নগাঁও, শিলচৰ, কৰিমগঞ্জ আৰু ডিফু সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ৫ সংসদীয় সমষ্টিৰ মুঠ ১ কোটি ৪৫ লাখ ১৪ হাজাৰ ৫০ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৫০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আটাইকেইটা সমষ্টিতে নিৰ্বাচনী সমীকৰণক লৈ হিচাপ–নিকাচ আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ মাজত।

ডিফু সমষ্টিত ৫জন, মঙলদৈ সমষ্টিত ১১জন, নগাঁও সমষ্টিত ৭জন, শিলচৰত ১৩জন আৰু কৰিমগঞ্জত ১৪জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এইবাৰৰ লোকসভা নিৰ্বাচনত। কৰিমগঞ্জ সমষ্টিত বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত তিনিকোণীয়া যুঁজ হোৱাৰ বিপৰীতে বাকী চাৰিটা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ মাজত হ’ব মূল যুঁজ। এই পাঁচটা সমষ্টিৰ ভিতৰত মঙলদৈ আৰু নগাঁও বিজেপিৰ দখলত থকাৰ বিপৰীতে শিলচৰ আৰু ডিফু কংগ্ৰেছৰ দখলত আছে। কৰিমগঞ্জ সমষ্টিটো আছে এ আই ইউ ডি এফৰ দখলত। ৰাজেন গোহাঁই আৰু ৰমেন ডেকাৰ প্ৰাৰ্থিত্ব কৰ্তন কৰি নগাঁও আৰু মঙলদৈত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ক্ৰমে ৰূপক শৰ্মা আৰু দিলীপ শইকীয়াক।

মঙলদৈ সমষ্টিত বিজেপিৰ দিলীপ শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ মাজতে মূল যুঁজ হ’ব বুলি আশা কৰা হৈছে। নগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ বিৰুদ্ধে যুঁজত নামিব কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ। সেইদৰে শিলচৰ সংসদীয় সমষ্টিত বিজেপিৰ ৰাজদীপ ৰয় আৰু সুস্মিতা দেৱৰ মাজত হ’ব মূল প্ৰতিদ্বন্দ্বিতা। কৰিমগঞ্জ সমষ্টিৰ যুঁজখন তিনিকোণীয়া হ’ব বুলি ব্যাপক চৰ্চা চলিছে। সমষ্টিত নিৰ্বাচনী পথাৰত নামিছে বিজেপিৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ স্বৰূপ দাস আৰু এ আই ইউ ডি এফৰ ৰাধেশ্যাম বিশ্বাস। ইফালে, ডিফু সমষ্টিত বিজেপিৰ হৰেণ ছিং বে’ আৰু কংগ্ৰেছৰ বীৰেন ছিং ইংতিৰ মাজত হ’ব মূল যুদ্ধ।

নগাঁও লোকসভা সমষ্টিত মুঠ ভোটাৰ আছে ১৭ লাখ ৯০ হাজাৰ ৬৮৪গৰাকী। মঙলদৈ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৭ লাখ ৯৫ হাজাৰ ৫২৯গৰাকী। ডিফু সমষ্টিত মুঠ ভোটাৰ আছে ৭ লাখ ৯৫ হাজাৰ ৮৫গৰাকী। সেইদৰে শিলচৰ সংসদীয় সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১১ লাখ ৯১ হাজাৰ ২৮৯গৰাকী। কৰিমগঞ্জ সমষ্টিত আছে মুঠ ১৩ লাখ ৩৮ হাজাৰ ৫ গৰাকী ভোটাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি