১৮ এপ্ৰিলত ১৩খন ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ, ৯৭টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

Sanjay Kumar Das | news18assam
Updated:April 17, 2019, 7:25 AM IST
১৮ এপ্ৰিলত ১৩খন ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ, ৯৭টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
Sanjay Kumar Das | news18assam
Updated: April 17, 2019, 7:25 AM IST
আজি সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ। ১৮ এপ্ৰিলত ১৩খন ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত মুঠ ৯৭টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। তামিলনাডুত সৰ্বাধিক ৩৯টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ইফালে, কৰ্ণাটকত দ্বিতীয় পৰ্যায়ত সৰ্বাধিক ১৪টা সমষ্টিত হ’ব ভোটগ্ৰহণ।

দ্বিতীয় পৰ্যায়ত অসমত মুঠ ৫টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। আনহাতে, বিহাৰত ৫টা সমষ্টি, ছট্টীশগড়ত ৩টা সমষ্টি, জম্মু–কাশ্মীৰত ১৪টা সমষ্টি, কৰ্ণাটকত ১৪টা সমষ্টি, মহাৰাষ্ট্ৰত ১০টা সমষ্টি, মণিপুৰত এটা সমষ্টি, ওড়িশাত ৫টা সমষ্টি, পুডুচেৰীত এটা, তামিলনাডুত এটা, ত্ৰিপুৰাত ১টা সমষ্টি, উত্তৰ প্ৰদেশত ৮টা আৰু পশ্চিম বংগত ৩টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ, আৰক্ষী–প্ৰশাসন। ভোটগ্ৰহণৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। প্ৰতিটো সমষ্টিতে থাকিব কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
আৰু চাওক পৰৱৰ্তী বাতৰি