মঙলবাৰে দিছপুৰত NEDFIৰ সফলতাৰ ২৭তম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ মূল অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানতে NEDFI Micro Lending আঁচনি, মোবাইল এপ আনুষ্ঠানিকভাৱে মুকলি কৰে ।
NEDFI Micro Lending আঁচনিৰ যোগেদি ৫০০ৰো অধিক হিতাধিকাৰী উপকৃত হৈছে। মঙলবাৰৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোতে কেইবাগৰাকীও হিতাধিকাৰীক প্ৰদান কৰা হয় চেক। একেটা অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলক Handloom School Uniform বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
NEDFI Haat ৰ এটি ৱেবছাইটো মুকলি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। NEDFi ৰ কাম–কাজ দেখি সন্তোষ প্ৰকাশ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা দিৱসৰ স্মৰণীয় দিনটোতে বিভাগটোক ১০০ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইফালে অগ্নিবীৰ আঁচনিৰ আবেদনকাৰীসকলৰ বাবে এক প্ৰশিক্ষণ শিবিৰ ভিডিঅ' কনফাৰেন্সযোগে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত উপস্থিত আছে NEDFIৰ মুখ্য পৰিচালন সঞ্চালককে ধৰি বহু কেইগৰাকী বিষয়াবৰ্গ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|