কোকৰাঝাৰত এজন ২৭ ইঞ্চি উচ্চতাৰ লোকক লৈ কৌতুহল, ছেলফিৰ উৎপাতত পলাবলগীয়া হ’ল লোকজন

লোকজনৰ উচ্চতা ২৭ ইঞ্চি আৰু ওজন ১০ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে।

News18-Assam
Updated:November 4, 2019, 8:45 AM IST
কোকৰাঝাৰত এজন ২৭ ইঞ্চি উচ্চতাৰ লোকক লৈ কৌতুহল, ছেলফিৰ উৎপাতত পলাবলগীয়া হ’ল লোকজন
লোকজনৰ উচ্চতা ২৭ ইঞ্চি আৰু ওজন ১০ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে।
News18-Assam
Updated: November 4, 2019, 8:45 AM IST
তিনিদিন পূৰ্বে কোকৰাঝাৰ জিলাত এজন ২৭ ইঞ্চি উচ্চতাৰ লোকক লৈ সৃষ্টি হয় কৌতুহলৰ। বিশেষকৈ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত পিতৃয়ে কোলাত লৈ অহা ১৭ বছৰীয়া লোকজনক প্ৰত্যক্ষ কৰি বহু লোকে ছেলফি ল’বলৈ হেতাওপৰা লগায়। মানুহৰ ভিৰত থৰকাছুটি হেৰুৱাই পলাই পত্ৰং দিবলগীয়া হয় লোকজনে।

উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ সোণাময়ী পাৰা গাঁৱৰ নিবাসী ইমান আলী মণ্ডলৰ পুত্ৰ আব্দুৰ ৰছিদ মণ্ডল ২০০২ চনৰ ১৯ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল। লোকজনৰ বয়স সম্প্ৰতি ১৭ বছৰ ১০ মাহ। কিন্তু বয়স অনুসৰি শাৰীৰিক বিকাশ নোহোৱাত শিশুৰ দৰেই পিতৃয়ে লৈ ফুৰে লোকজনক।



লোকজনৰ উচ্চতা ২৭ ইঞ্চি আৰু ওজন ১০ কিলোগ্ৰাম। পিতৃয়ে জনোৱা অনুসৰি, আব্দুৰ ৰছিদ মণ্ডল সম্পূৰ্ণৰূপে সুস্থ আৰু সকলো কাম স্বাভাৱিকভাৱেই কৰিব পাৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি