মুখ্যপৃষ্ঠা »খবৰ »অসম »সুধাকণ্ঠৰ সুবিশাল প্ৰতিচ্ছবি অংকন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে এজন ছাত্ৰই

সুধাকণ্ঠৰ সুবিশাল প্ৰতিচ্ছবি অংকন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে এজন ছাত্ৰই

চিত্ৰকলাৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা চন্দনে নিজৰ একাগ্ৰতাৰ বলতে এজন সুনিপুণ চিত্ৰশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।

  • Share this:
২৭ ফুট উচ্চতা আৰু ২২ ফুট বহল এখন কাপোৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক প্ৰতিচ্ছবি অংকন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে এজন স্নাতক মহলাৰ ছাত্ৰ‌ই। ছাত্ৰজনৰ নাম চন্দন শৰ্মা। ছাত্ৰজনৰ ঘৰ শোণিতপুৰৰ ঢেকীয়াজুলিত যদিও ছাত্ৰজনে এই আকৰ্ষণীয় চিত্ৰ অংকন কৰিছে ৰহাৰ গছপৰাৰ মাহীয়েকৰ ঘৰত। ঢেকীয়াজুলিৰ লোকপ্ৰিয় অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ স্নাতক মহলাৰ তৃতীয় বৰ্ষৰ ছাত্ৰ চন্দনে ৰহাৰ গছপৰাত মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহি কাপোৰত অংকন কৰিলে ড০ ভূপেন হাজৰিকাৰ সুবিশাল প্ৰতিচ্ছবি।

চিত্ৰকলাৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা চন্দনে নিজৰ একাগ্ৰতাৰ বলতে এজন সুনিপুণ চিত্ৰশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। তিনি দিনতে এই বৃহৎ আকাৰৰ চিত্ৰখন অংকন কৰিছে চন্দনে। দেওবাৰে গছপৰাৰ বসুন্ধৰী হাইস্কুল প্ৰাংগণত বহু লোকৰ উপস্থিতিত চিত্ৰখন মুকলি কৰা হয়। মুকলি অনুষ্ঠানত সুধাকণ্ঠৰ 'মানুহে মানুহৰ বাবে' গীতটোও সমবেত কণ্ঠত পৰিৱেশন কৰা হয়।

ইয়াৰ পূৰ্বেও চন্দনে নিজৰ নখত জুবিন গাৰ্গক অংকন কৰি 'আছাম বুক অফ ৰেকৰ্ডছ'ত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। চন্দনৰ এই প্ৰতিভা দেখি সকলো মুগ্ধ হৈ পৰিছে।

শেহতীয়া বাতৰি