ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক সুৰাপায়ী মহিলাৰ সংখ্যা!

News18 Assam | News18-Assam
Updated:October 28, 2020, 2:35 PM IST
ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক সুৰাপায়ী মহিলাৰ সংখ্যা!
গোৱা, নাগালেণ্ড, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত সুৰাপান কৰা মহিলাৰ সংখ্যা মাত্ৰ ০.১ শতাংশ।

গোৱা, নাগালেণ্ড, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত সুৰাপান কৰা মহিলাৰ সংখ্যা মাত্ৰ ০.১ শতাংশ।

  • Share this:

ভাৰতৰ ভিতৰত অসমত সৰ্বাধিক সুৰাপায়ী মহিলাৰ সংখ্যা। ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ২০১৯–২০ বৰ্ষৰ পৰিসংখ্যাত প্ৰকাশ পাইছে এই তথ্য।


তথ্য মতে, অসমৰ ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ ২৬.৩ শতাংশ মহিলাই সুৰাপান কৰে। ৰাষ্ট্রীয় পৰ্যায়ত এই সংখ্যা গড়ে ১.২ শতাংশ মাত্ৰ।

গোৱা, নাগালেণ্ড, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত সুৰাপান কৰা মহিলাৰ সংখ্যা মাত্ৰ ০.১ শতাংশ।

আনহাতে, পুৰুষৰ তালিকাত অসম আছে শীৰ্ষ দহৰ ভিতৰত। ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ ৩৫.৬ শতাংশ পুৰুষে কৰে সুৰাপান। ৰাষ্ট্রীয় পৰ্যায়ত এই হাৰ ২৯.২ শতাংশ। ৫৭.৬ শতাংশৰে শীৰ্ষত আছে ত্ৰিপুৰা।

১৫ৰ পৰা ৫৪ বছৰৰ ভিতৰত অসমত ৫৯.৪ শতাংশ পুৰুষে কৰে সুৰাপান, য’ত ৰাষ্ট্রীয় পৰ্যায়ত এই হাৰ ২৯.৫ শতাংশ।
Published by: Sanjay Kumar Das
First published: October 28, 2020, 9:44 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading