বাংলাদেশী নাগৰিকসকলৰ লগতে আৰক্ষীয়ে জব্দ কৰে দুখন ট্ৰেভেলাৰ।
বাংলাদেশী নাগৰিকসকলৰ লগতে আৰক্ষীয়ে জব্দ কৰে দুখন ট্ৰেভেলাৰ।
ধুবুৰীৰ বহলপুৰত পুৱাই ২৬জন বাংলাদেশী নাগৰিকক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ৰাজ্য চৰকাৰে আন্তঃজিলা যাতায়াত ব্যৱস্থা কৰাৰ পিছতে ধুবুৰী-বঙাইগাঁও সীমান্তৰ বহলপুৰত তালাচী অভিযানত আটক হয় বাংলাদেশী নাগৰিক কেইজন। যোৰহাটৰ পৰা ধুবুৰী অভিমুখী আছিল বাংলাদেশীকেইজন। উল্লেখ্য যে উক্ত বাংলাদেশী কেইজনে মাছ চিকাৰ কৰিবলৈ অহা বুলি স্বীকাৰ কৰিছে আৰক্ষীৰ আগত। চাপৰ আৰক্ষীয়ে লোককেইজনৰ নথি–পত্ৰ পৰীক্ষা কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰাৰো ব্যৱস্থা কৰে।
বাংলাদেশী নাগৰিকসকলৰ লগতে আৰক্ষীয়ে জব্দ কৰে দুখন ট্ৰেভেলাৰ। কিন্তু বৰ্তমান আন্তৰ্জাতিক পৰ্যায়ত যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ সময়ত যোৰহাট প্ৰশাসনে কিদৰে তেওঁলোকক ধুবুৰী সীমান্ত লৈ অহাৰ অনুমতি প্ৰদান কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত।
উল্লেখযোগ্য যে বাংলাদেশী নাগৰিক কেইজনে ধুবুৰীৰ অসম-পশ্চিম বংগৰ ছাগলীয়া সীমান্তইদি বংগত প্ৰৱেশ কৰি চেংৰাবান্ধা হৈ বাংলাদেশৰ কুৰিগ্ৰাম জিলালৈ যোৱাৰ পৰিকল্পনা কৰিছিল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|