চাৰি দিনে সন্ধান নাই ২৫ বছৰীয়া যুৱক জিতু বৰ্মনৰ। চলিত মাহৰ ২০ জুলাই তাৰিখে পুৱা প্ৰায় ৬ বজাৰ পৰা সন্ধানহীন হৈ আছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰাজোল পালাংদি গাঁৱৰ নিৰঞ্জন বৰ্মন আৰু শৈলন বৰ্মনৰ কনিষ্ঠ পুত্ৰ জিতু বৰ্মন (২৫)।
সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ উল্লেখ্য যে যোৱা ২০ জুলাই বুধবাৰে ঘৰৰ পৰা পুৱা প্ৰায় ছয় বজাত নিজৰ কৰ্মস্থলী বৰাজোল চ'কত থকা চেলুনখনলৈ কাম কৰাৰ উদ্দেশ্যে ওলাই আহিছিল। নিজৰ দোকানৰ সন্মুখত চাইকেলখন থৈ তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে জিতুমণি বৰ্মন (Boy Missing at Ghagrapar)।
যুৱকজনৰ কোনো সম্ভেদ নাপায় পৰিয়ালৰ লোকে কাষ চাপে ঘগ্ৰাপাৰ আৰক্ষীৰ। এই সন্দৰ্ভত পৰিয়ালৰ লোকে দাখিল কৰে এজাহাৰ। ঘগ্ৰাপাৰ আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে যদিও বৰ্তমানলৈ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই।
ইফালে যিমানে দিন অতিবাহিত হৈছে সিমানেই পৰিয়ালৰ পিতৃ, মাতৃ, ভাতৃৰ লগতে স্থানীয় ৰাইজৰ মাজত বাঢ়িছে ভয়-শংকা। ভুক্তভোগী পৰিয়ালটোৱে কাষ চাপিছে সংবাদ মাধ্যমৰ। কোনো লোকে যদি নিৰুদ্দেশ হোৱা ২৫ বছৰীয়া জিতু বৰ্মনৰ সম্ভেদ লাভ কৰে, তেন্তে সমীপৰ আৰক্ষী থানাৰ লগতে 91 93954 80780/ 91 91017 73837ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়াল তথা আত্মীয়ই। লগতে মুখ্যমন্ত্ৰীলৈ এইক্ষেত্ৰত আহ্বান জনায় পিতৃয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|