শিৱসাগৰৰ পাণবেচাৰ লৰাপুটা নাওজানত অতি হৃদয়বিদাৰক ঘটনা। বিষক্ৰিয়া হৈ মৃত্যুমুখত পৰিল দুষ্প্ৰাপ্য ২৫টা শগুণ। মৃত গৰু ভক্ষণৰ পিছতেই ২৫টা শগুণ মৃত্যুমুখত পৰাৰ উপৰিও ৮টা শগুন গুৰুতৰভাৱে অসুস্থ হৈ পৰে।
পাণবেছা ল'ৰাপুটা নাওজানৰ গাতে লাগি থকা পথাৰত মৃত শগুণকেইটা স্থানীয় লোকে প্ৰতক্ষ কৰি বন বিভাগক খবৰ দিয়াত জীৱিত অৱস্থাত থকা ৮টা শগুন উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।
লক্ষণীয় যে মৃত শগুণকেইটাৰ কাষতে পৰি আছিল এটা মৃত গৰু।
গৰুটো ভক্ষণ কৰাৰ পিছতেই শগুণকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বনকৰ্মীয়ে। গৰুটো বিহ দি নিধন কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে বনকৰ্মীয়ে। এই ঘটনাৰ তদন্ত কৰা হ'ব বুলি সদৰী কৰিছে শিৱসাগৰ বনবিভাগে।
ইপিনে, শগুণকেইটাৰ মৃত্যু হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী তথা সচেতন নাগৰিকে। বিহ দি নিধন কৰা গৰু, মহ, কুকুৰ আদি যাতে মুকলি স্থানত নেপেলাই তাৰ বাবে জনসাধাৰণক সজাগ হোৱাৰো আহ্বান নেচাৰ্চ বেকনৰ। লগতে ২৫টা শগুনৰ মৃত্যুৰ উচিত তদন্তৰ দাবী তদন্তৰ দাবী তুলিছে নেচাৰ্চ বেকনৰ শিৱসাগৰৰ মুখ্য সমন্বয়ক জেহিৰুদ্দিন খানে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|