• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত ১৮ বছৰৰ তলৰ ২৫ হাজাৰ লোক কোভিডত আক্ৰান্ত!

ৰাজ্যত ১৮ বছৰৰ তলৰ ২৫ হাজাৰ লোক কোভিডত আক্ৰান্ত!

তৃতীয় ঢৌৰ পূৰ্বে চৰকাৰে ২১ জুনৰ পৰা দৈনিক ৩ লাখ লোকক প্ৰদান কৰিব ভেকচিন৷

তৃতীয় ঢৌৰ পূৰ্বে চৰকাৰে ২১ জুনৰ পৰা দৈনিক ৩ লাখ লোকক প্ৰদান কৰিব ভেকচিন৷

তৃতীয় ঢৌৰ পূৰ্বে চৰকাৰে ২১ জুনৰ পৰা দৈনিক ৩ লাখ লোকক প্ৰদান কৰিব ভেকচিন৷

  • Share this:
ৰাজ্যত কোভিড মহামাৰীৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ সাজু স্বাস্থ্য বিভাগ৷ তৃতীয় ঢৌৰ পূৰ্বে ৰাজ্যত ১৮ৰ তলৰ বয়সৰ লোকৰ এইপৰ্যন্ত প্ৰায় ২৫ হাজাৰ লোক আক্ৰান্ত হৈছে কোৰোণাত৷ স্বাস্থ্য বিভাগে ইতিমধ্যে সাজু কৰি ৰাখিছে পৰ্যাপ্ত কোভিড বিচনা তথা আ চি ইউ৷

তৃতীয় ঢৌৰ পূৰ্বে চৰকাৰে ২১ জুনৰ পৰা দৈনিক ৩ লাখ লোকক প্ৰদান কৰিব ভেকচিন৷ ইয়াৰ বাবে ৰাজ্যত প্ৰয়োজন ২ হাজাৰ বিশেষ স্বাস্থ্য কৰ্মী৷ ৰাজ্যৰ জিলা জিলাই প্ৰশিক্ষণ প্ৰদান কৰি সাজু কৰি তুলিছে এই কৰ্মীসকলক৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংযোজন কৰা হ’ব আৰু দুশ ICU বিচনা৷ লগতে প্ৰতিখন জিলাত নিৰ্মাণ হ'ব পেডিয়েট্ৰিক ICU৷

অক্সিজেন প্লাণ্ট ইতিমধ্যে কেইবাস্থানত স্থাপনৰ কাম চলি আছে৷ এতিয়ালৈ ৰাজ্যত অক্সিজেনৰ নাটনি হোৱা নাই৷ কেন্দ্ৰৰ পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগে যথেষ্ট সঁহাৰি লাভ কৰা বুলি মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ৷ এইপৰ্যন্ত ৰাজ্যৰ ৫খন জিলাত সংক্ৰমণৰ সংখ্যা বৃদ্ধি হৈ আছে৷ বৃদ্ধি হৈ থকা জিলাকেইখনৰ ক্ষেত্ৰত অহা ২২ জুনত সিদ্ধান্ত ল’ম বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷ চৰকাৰী কৰ্মচাৰীক দুয়োটা ভেকচিনৰ ড’জ ল’বলৈ আহ্বান মন্ত্ৰীগৰাকীৰ৷ বিদ্যালয় খোলাক লৈ এতিয়া কোনো আলোচনা হোৱা নাই বুলি মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ৷
Published by:Sanjay Kumar Das
First published: