ভাগ্য মুকলি হ’বনে এইসকল মহিলা নেত্ৰীৰ? News18ৰ হাতত কংগ্ৰেছৰ ২৫ গৰাকী মহিলা প্ৰাৰ্থীৰ তালিকা!

News18 Assam | News18-Assam
Updated:September 14, 2020, 11:02 PM IST
ভাগ্য মুকলি হ’বনে এইসকল মহিলা নেত্ৰীৰ? News18ৰ হাতত কংগ্ৰেছৰ ২৫ গৰাকী মহিলা প্ৰাৰ্থীৰ তালিকা!
বিৰোধী দল কংগ্ৰেছে মহাজোঁটকলৈ আলোচনা কৰি থকাৰ মাজতে সাজু কৰি তুলিছে সাম্ভাব্য মহিলা প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ তালিকা।

বিৰোধী দল কংগ্ৰেছে মহাজোঁটকলৈ আলোচনা কৰি থকাৰ মাজতে সাজু কৰি তুলিছে সাম্ভাব্য মহিলা প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ তালিকা।

  • News18 Assam
  • Last Updated: September 14, 2020, 11:02 PM IST
  • Share this:
সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে এতিয়া প্ৰায় সাজু হৈছে শাসক বিৰোধী। বিৰোধী দল কংগ্ৰেছে মহাজোঁটকলৈ আলোচনা কৰি থকাৰ মাজতে সাজু কৰিছে সাম্ভাব্য মহিলা প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ তালিকা। News18ৰ ৰ হাতত আহি পৰিছে বিৰোধী দল কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ২৫ গৰাকী মহিলাৰ এখন তালিকা। যত নাম আছে প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, কংগ্ৰেছ নেত্ৰী জুৰি শৰ্মা বৰদলৈৰ পৰা অংকিতা দত্তলৈকে।

আমাৰ হাতত আহি পৰা তথ্য মতে,


  • গোলাঘাট সমষ্টিৰ পৰা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ।

  • নাহৰকটীয়াত পুনৰ যুঁজত নামিব আন এগৰাকী প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন।

  • বকোত বৰ্তমানৰ বিধায়িকা তথা প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাস।

  • খুমটাইত প্ৰাক্তন সাংস্কৃতিক মন্ত্ৰী বিস্মিতা গগৈ।


  • সৰুপথাৰত বৰ্তমানৰ বিধায়িকা ৰোজলিনা তিৰ্কি।

  • মৰিগাঁও সমষ্টিত প্ৰাক্তন সংসদীয় সচিব জোনজোনালী বৰুৱা।

  • ৰখলাৰ পৰা পুনৰবাৰ নিৰ্বাচন খেলিব বিচাৰিছে পূৰ্বৰ দুবাৰৰ বিধায়িকা তথা প্ৰাক্তন সংসদীয় সচিব ৰুমি নাথে।


বিগত ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত পশ্চিম গুৱাহাটী সমষ্টিত জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে অৱৰ্তীণ হোৱা জুৰি শৰ্মা বৰদলৈ এইবাৰো সাজু হৈছে নিৰ্বাচনৰ বাবে।

সেইদৰে প্ৰয়াত অঞ্জন দত্তৰ জীয়ৰী ড০ অংকিতা দত্তই ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত মাত্ৰ ১,৬২০ টা ভোটত আমগুৰি সমষ্টিত পৰাজিত হৈছিল। অংকিতা দত্ত এইবাৰো সাজু হৈছে আমগুৰি সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াবলৈ। সাম্ভাব্য প্ৰাৰ্থী তালিকাত নাম আছে অভিজ্ঞ কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাৰো।

  • পলাশবাৰী সমষ্টিৰ কংগ্ৰেছৰ সাম্ভাব্য মহিলা প্ৰাৰ্থী হ’ল মুনমি দত্ত।

  • পল্লবী গগৈৰ নাম আছে টিয়ক সমষ্টিত।

  •  শিৱামণি বৰাৰ নাম আছে বটদ্ৰৱা সমষ্টিত। 

Published by: Himangshu Bhuyan
First published: September 14, 2020, 11:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading