শুকুৰবাৰে ৰাহুল গান্ধীৰ জন্ম দিন উপলক্ষে গহপুৰ অসামৰিক চিকিৎসালয়ত বৃক্ষ ৰোপণৰ লগতে ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰা হয়
শুকুৰবাৰে ৰাহুল গান্ধীৰ জন্ম দিন উপলক্ষে গহপুৰ অসামৰিক চিকিৎসালয়ত বৃক্ষ ৰোপণৰ লগতে ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰা হয়
অতি শীঘ্ৰে বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিব কমেও ১৫ৰ পৰা ২৫ জন বিধায়কে। অহা নৱেম্বৰ-ডিচেম্বৰ মাহৰ ভিতৰত কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ বিধায়কসকলে। এই মন্তব্য কৰিছে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা ন-কংগ্ৰেছী আৰ পি শৰ্মাই।
শুকুৰবাৰে ৰাহুল গান্ধীৰ জন্ম দিন উপলক্ষে গহপুৰ অসামৰিক চিকিৎসালয়ত বৃক্ষ ৰোপণৰ লগতে ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ তথা ন-কংগ্ৰছী ৰাম প্ৰসাদ শৰ্মাই এই মন্তব্য কৰে।
সাংবাদিকৰ প্ৰশ্নত আৰ পি শৰ্মাই কয় যে, ‘অতি শীঘ্ৰে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছলৈ ২৫-১৫ বিধায়ক আহিব। নিৰ্বাচনৰ পূৰ্বে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি। বিজেপি দলৰ ভিতৰত এতিয়া ব্যাপক ক্ষমতা কেন্দ্ৰীক যুঁজ।’
‘মুখ্যমন্ত্ৰীও এতিয়া দুজন। এজন ঘোষিত মুখ্যমন্ত্ৰী আনজন অঘোষিত মুখ্যমন্ত্ৰী । কোৰোণাক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে। কোৰোণা ভাইৰাছক ৰাজনৈতিক ভাইৰাছলৈ নিব বিচাৰিছে বিজেপিয়ে।’- এনেদৰে কয় প্ৰাক্তন সাংসদগৰাকীয়ে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|