মুখ্যপৃষ্ঠা »খবৰ »অসম »আজি দাহ কৰা হ’ব ২৪৭৯টা গঁড়ৰ খড়্গ, বোকাখাতৰ ৰাজহুৱা খেল পথাৰত প্ৰস্তুতি সম্পূৰ্ণ

আজি দাহ কৰা হ’ব ২৪৭৯টা গঁড়ৰ খড়্গ, বোকাখাতৰ ৰাজহুৱা খেল পথাৰত প্ৰস্তুতি সম্পূৰ্ণ

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে এই খড়্গসমূহ (Rhino Horn) দাহ কৰা হ'ব। নাম-প্ৰসংগ, মন্ত্ৰোচ্চাৰণ, আদ্যশ্ৰাদ্ধৰ মাজেৰে হ'ব খড়্গ দাহ। 

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে এই খড়্গসমূহ (Rhino Horn) দাহ কৰা হ'ব। নাম-প্ৰসংগ, মন্ত্ৰোচ্চাৰণ, আদ্যশ্ৰাদ্ধৰ মাজেৰে হ'ব খড়্গ দাহ। 

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে এই খড়্গসমূহ (Rhino Horn) দাহ কৰা হ'ব। নাম-প্ৰসংগ, মন্ত্ৰোচ্চাৰণ, আদ্যশ্ৰাদ্ধৰ মাজেৰে হ'ব খড়্গ দাহ। 

  • Share this:
আজি বোকাখাতৰ ৰাজহুৱা খেলপথাৰত জ্বলাই দিয়া হ’ব ২৪৭৯টা গঁড়ৰ খড়্গ (Rhino Horn)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ উপস্থিতিত জ্বলাই দিয়া হ’ব এই খড়্গসমূহ। ১৯৮০ চনৰ পৰা সংৰক্ষণ কৰি ৰখা হৈছিল ২৬২৩টাকৈ গঁড়ৰ খড়্গ। ইয়াৰে ৯৪টা গঁড়ৰ খড়্গ ৰখা হ’ব ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা সংগ্ৰহালয়ত। ৫৪টা খড়্গৰ বিৰুদ্ধে গোচৰ চলি আছে আদালতত। দাহ কৰিবলগীয়া ২৪৭৯টা গঁড়ৰ খড়্গৰ ওজন ১৩০৫কেজি। ইয়াৰে সৰ্বাধিক ডাঙৰ খড়্গ হিচাপে বিবেচিত ৩ কেজি ওজনৰ খৰ্গটো ৰখা হ’ব সংগ্ৰহালয়ত।

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে এই খড়্গসমূহ (Rhino Horn) দাহ কৰা হ'ব। নাম-প্ৰসংগ, মন্ত্ৰোচ্চাৰণ, আদ্যশ্ৰাদ্ধৰ মাজেৰে হ'ব খড়্গ দাহ। সমান্তৰাল ভাৱে মৃত গঁড় সমুহৰ আত্মাৰ চিৰশান্তিৰ বাবে আদ্য শ্ৰাদ্ধও অনুস্থিত হ'ব ৷ আদ্য শ্ৰাদ্ধৰ বাবে তিনিচুকীয়াৰ পৰা অহা ১৯ জন পুৰোহিতে বোকাখাতত বাহৰ পাতিছে ৷ গঁড়ৰ খড়্গ দাহনৰ পাছত ছাইসমুহ ব্ৰক্ষ্মপুত্ৰ (Brahmaputra)ত চিতাভষ্মৰূপে বিসৰ্জন দিব ৷ খড়্গসমূহ দাহ কৰি শেষ কৰিবৰ বাবে প্ৰায় ৮-১০ ঘণ্টা সময়ৰ দৰকাৰ হ'ব ৷

ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু কিছু ঘণ্টাৰ পাছতেই বোকাখাতৰ ৰাজহুৱা খেল পথাৰত জ্বলাই দিয়া হ'ব ২৪৭৯টা খড়্গ ৷ বন বিভাগে পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বৃহৎ সংখ্যক খড়্গ জ্বলোৱা কাৰ্যসূচী সফল হ'ব বুলি আশা প্ৰকাশ কৰে ৷

শেহতীয়া বাতৰি