মুখ্যপৃষ্ঠা » খবৰ

» অসম

»New Covid SOP: পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত যোৰহাটত ২৪ ঘণ্টাই সান্ধ্য আইন, কোন কোন দিশত থাকিব শিথিলতা?

New Covid SOP: পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত যোৰহাটত ২৪ ঘণ্টাই সান্ধ্য আইন, কোন কোন দিশত থাকিব শিথিলতা?

News18 Assam | News18-Assam
Updated:July 15, 2021, 9:18 PM IST
New Covid SOP: পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত যোৰহাটত ২৪ ঘণ্টাই সান্ধ্য আইন, কোন কোন দিশত থাকিব শিথিলতা?
শেহতীয়াকৈ যোৰহাটত ক্ৰমাৎ হ্ৰাস পাইছে কভিড সঙক্ৰমনৰ হাৰ ।

শেহতীয়াকৈ যোৰহাটত ক্ৰমাৎ হ্ৰাস পাইছে কভিড সঙক্ৰমনৰ হাৰ ।

  • Share this:
সকলোৱে এতিয়া অধীৰ আগ্ৰহেৰে উপেক্ষা কৰিছে নতুন SOPলৈ। তাৰ মাজতে বৃহস্পতিবাৰে যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হয় বিশেষ নিৰ্দেশনা।যোৰহাটত চৰকাৰে নতুন এছঅ'পি প্ৰকাশ নকৰা পৰ্যন্ত ২৪ ঘণ্টাই অব্যাহত থাকিব সান্ধ্য আইন। অৱশ্যে যোৰহাটত কিছু পৰিমাণে  লকডাউনৰ পৰিৱেশ শিথিল কৰি দিয়া হৈছে যদিও নগৰ অঞ্চলৰ বাসিন্দাসকল উৎফুল্লিত হোৱাৰ কোনো প্ৰয়োজন নাই ।

ৰাজ্য চৰকাৰে নতুন  SOP জাৰি নকৰা পৰ্যন্ত কি কি নীতি নিয়ম থাকিব যোৰহাটতঃ


  • ১৬ জুলাইৰ পৰা পুৱা ৫ বজাৰ পৰা দিনৰ ১২ বজালৈকে কেৱল খোলা থাকিব আলু-পিয়াঁজৰ ১১ খন পাইকাৰী দোকান।

  • নগৰ অঞ্চলত ৩ কিঃমিঃ ভিতৰত বৰ্তমান বন্ধ থাকিব গেলামালৰ দোকানসমূহ।

  • নগৰ অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ নিশাহে কৰিব পাৰিব আন লোডিং ।

  • গ্ৰাম্যাঞ্চলত পুৱা ৬ বজাৰ পৰা দিনৰ ২ বজালৈ খোলা থাকিব গেলা মালৰ খুচুৰা দোকান সমূহ।


  • অৱশ্যে খোলা থাকিব ই-কমাৰ্চ।

  • নগৰ অঞ্চলত গেলামাল সামগ্ৰীৰ থাকিব হোমডেলিভাৰীৰ ব্যৱস্থা।

  • খোলা থাকিব ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকানসমূহ।

  • যোৰহাটত আগৰ দৰেই কঠোৰ হৈ থাকিব জিলা প্ৰশাসন।

  • ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত জাৰি কৰা হব নতুন নিৰ্দেশনা।


শেহতীয়াকৈ যোৰহাটত ক্ৰমাৎ হ্ৰাস পাইছে কোভিড সংক্ৰমনৰ হাৰ ।
Published by: Himangshu Bhuyan
First published: July 15, 2021, 9:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি