নৱজাতকৰ বধ্যভূমিত পৰিণত JMCH! এসপ্তাহত মৃত্যু ২৪টি নৱজাতকৰ

স্বাস্থ্য বিভাগৰ একাংশ শীৰ্ষ বিষয়াৰ গাফিলতি তথা গুৰুত্বহীনতাৰ বাবেই হাস্পতালখনত এনেধৰণ ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।

News18-Assam
Updated:October 22, 2019, 11:03 AM IST
নৱজাতকৰ বধ্যভূমিত পৰিণত JMCH! এসপ্তাহত মৃত্যু ২৪টি নৱজাতকৰ
স্বাস্থ্য বিভাগৰ একাংশ শীৰ্ষ বিষয়াৰ গাফিলতি তথা গুৰুত্বহীনতাৰ বাবেই হাস্পতালখনত এনেধৰণ ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।
News18-Assam
Updated: October 22, 2019, 11:03 AM IST
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে উদ্বেগজনক ঘটনা। বিগত এসপ্তাহত হাস্পতালখনত ২৪টি নৱজাতকৰ মৃত্যুৰ তথ্য পোহৰলৈ আহিছে। স্বাস্থ্য বিভাগৰ একাংশ শীৰ্ষ বিষয়াৰ গাফিলতি তথা গুৰুত্বহীনতাৰ বাবেই হাস্পতালখনত এনেধৰণ ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।

১৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ JMCHৰ SCNUত মৃত্যু হৈছে ২৭টি শিশুৰ। অৱশ্যে এই সময়চোৱাত SCNUত ভৰ্তিও হৈছিল আসনৰ সংখ্যাতকৈ বহু বেছি শিশু। কিন্তু মূল কথাটো হ’ল, প্ৰায় এবছৰ পূৰ্বে ২০১৮ চনৰ ১ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰলৈ JMCHত ১৫টি নৱজাতকৰ মৃত্যু হোৱা ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অসম তথা দেশজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ।

চৰকাৰৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ আমোলা-বিষয়া, বিশেষজ্ঞসকলে এই ঘটনাৰ তদন্ত কৰাৰ অন্তত JMCHৰ SCNU আৰু NICUত আসনৰ সংখ্যা বৃদ্ধি কৰা, আন্তঃগাঁথনি অধিক সবল কৰা তথা বিশেষভাৱে প্ৰশিক্ষিত নাৰ্ছৰ সংখ্যা বৃদ্ধি কৰাকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল। যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহয়। কিন্তু চৰকাৰৰ উক্ত আমোলা-বিষয়াসকলে প্ৰতিশ্ৰুতি অনুসৰি কোনো পদক্ষেপেই গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। ফলস্বৰূপে পুনৰ হাস্পতালখনত অনুৰূপ ঘটনা সংঘটিত হ’ল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি