ভাল খবৰ! গুৱাহাটী মহানগৰীত চলিব ২৩৩ খন নতুন চিটি বাছ, লগতে এই কেইখন জিলাতো হ’ব আৰম্ভ

News18 Assam | News18-Assam
Updated:August 22, 2020, 10:53 PM IST
ভাল খবৰ! গুৱাহাটী মহানগৰীত চলিব ২৩৩ খন নতুন চিটি বাছ, লগতে এই কেইখন জিলাতো হ’ব আৰম্ভ
কোৰোণা মহামাৰীৰ মাজতে মহানগৰবাসীৰ বাবে ভাল খবৰ।নৱেম্বৰ মাহৰ পৰা পৰা অসম ৰাজ্যিক পৰিবহণ বিভাগত সংযোজন ঘটিব ৬৬৮ খন নতুন বাছৰ।

কোৰোণা মহামাৰীৰ মাজতে মহানগৰবাসীৰ বাবে ভাল খবৰ।নৱেম্বৰ মাহৰ পৰা পৰা অসম ৰাজ্যিক পৰিবহণ বিভাগত সংযোজন ঘটিব ৬৬৮ খন নতুন বাছৰ।

  • Share this:
কোৰোণা মহামাৰীৰ মাজতে মহানগৰবাসীৰ বাবে ভাল খবৰ। নৱেম্বৰ মাহৰ পৰা পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত ৰাজপথত চলিব নতুনকৈ ৬৬৮ খন বাছ। ইয়াৰে গুৱাহাটীৰ বিভিন্ন স্থানত চিটি বাছ সেৱা হিচাপে চলিব ২৩৩ খন বাছ। গুৱাহাটীৰ মহানগৰীৰ লগতে ‘উবেৰেশ্যন আঁচনি’ৰ অধীনত তেজপুৰ, ডিব্ৰুগড়,যোৰহাট আৰু শিলচৰত শীঘ্ৰে আৰম্ভ হ’ব চিটি বাছ সেৱা।

প্ৰাৰম্ভিক পৰ্যায়ত শিলচৰ আৰু যোৰহাটত চলিব ১৫ খনকৈ চিটি বাছ। তেজপুৰ আৰু ডিব্ৰুগড়ত চকা ঘূৰিব ১০ খনকৈ চিটি বাছৰ। অসম ৰাজ্যিক পৰিবহণ নিগমৰ তত্বাৱধানত ১৫০ খন বাছ দিনত আৰু ৮৮ খন নৈশ বাছ চলিব ৰাজ্যত। ৯৩ খন কম দূৰত্বৰ বাছৰ লগতে ডিফুত চলিব ৩ খন বাছ, হাফলংত চলিব ৩খন বাছ, চাহ বাগানত চলিব ২৫ খন বাছ। আৰু বি টি এ ডিত চলিব এই আঁচনিৰ অধীনত ১০ খন বাছ।

আত্মসহায়ক গোট আৰু বাছৰ লগত জড়িত লোকে এই আঁচনিৰ সহায়ত ২৫ শতাংশ ৰাজ সাহায্যৰে ক্ৰয় কৰিব পাৰিব এই বাছ।
Published by: Himangshu Bhuyan
First published: August 22, 2020, 10:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি