লখিমপুৰত চাঞ্চল্যকৰ ঘটনা। আদালতৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগত একেখন গাঁৱৰে গাঁও প্ৰধানসহ গ্ৰেপ্তাৰ ২৩জনক৷ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ন-আলি কৈৱৰ্ত্ত চুকৰ ২৩জন লোকক কৰা হৈছে গ্ৰেপ্তাৰ৷
এইখন গাঁৱৰে একেটা পৰিয়ালৰ খগেন দাস, বিজয় দাস, চম্পা দাস আৰু দীপা দাসৰ লগতে আন এটা পৰিয়ালৰ ৰাজা শইকীয়া, ৰাজু শইকীয়া, ৰেণুকা শইকীয়াসহ মুঠ ২৩গৰাকী পুৰুষ–মহিলাক একেলগে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জে’ল হাজোতলৈ৷
২০১৮ চনত এইখন গাঁৱত সংঘটিত হৈছিল এক আত্মহত্যাৰ ঘটনা। এই ঘটনাৰ গোচৰৰ আলম লৈ এই লোকসকলক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাইজৰ দাবী, আদালতৰ তৰফৰ পৰা গ্ৰেপ্তাৰ হোৱা কোনো লোকে পোৱা নাছিল চমন অথবা জাননী৷
কাৰ কথা সঁচা, সেয়া তথ্য–প্ৰমাণৰ ভিত্তিত নিৰ্ণয় কৰিব আদালতে৷ একেখন গাঁৱৰে ২৩জন লোক গ্ৰেপ্তাৰ হোৱা ঘটনাই স্বাভাৱিকতে চৰ্চা লাভ কৰিছে সমগ্ৰ অঞ্চলটোত৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|