মহানগৰীৰ কাহিলিপাৰাত অনুষ্ঠিত হৈছে ২২ সংখ্যক মিষ্টাৰ কামৰূপ দেহশ্ৰী প্ৰতিযোগিতা। ইউনিভাৰচেল জিমৰ উদ্যোগত গুৱাহাটীৰ কাহিলিপাৰা অঞ্চলত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ল এই সৰ্ববৃহৎ প্ৰতিযোগিতা।
মুকলি মঞ্চত অনুষ্ঠিত কামৰূপ জিলাৰ দেহশ্ৰী প্ৰতিযোগিতাখনত পুৰুষ–মহিলাৰ ২৩ টা শাখাত তিনি শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য আছিল যুৱ প্ৰজন্মই নিচাজাতীয় সামগ্ৰী সেৱনৰ বিপৰীতে নিজৰ দেহৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে সজাগতা সৃষ্টি কৰা।
প্ৰতিযোগীসকলক উৎসাহ দিবলৈ প্ৰতিযোগিতাথলীত উপস্থিত থাকে স্থানীয় লোক সমন্বিতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|