সংগ্ৰাম এৰি মূল সূঁতিলৈ উভতিল ২২০জন উগ্ৰপন্থী, বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ দিলে জমা

News18 Assam | News18-Assam
Updated:December 30, 2019, 10:40 AM IST
সংগ্ৰাম এৰি মূল সূঁতিলৈ উভতিল ২২০জন উগ্ৰপন্থী, বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ দিলে জমা
দেওবাৰে সীমান্তৰ মেডলিছড়াত অসম ৰাইফলছৰ ২৯নং বেটেলিয়নে আয়োজন কৰা এক অনুষ্ঠানত সংগঠনটোৰ ২২০ গৰাকী সদস্যই আত্মসমৰ্পণ কৰে।

দেওবাৰে সীমান্তৰ মেডলিছড়াত অসম ৰাইফলছৰ ২৯নং বেটেলিয়নে আয়োজন কৰা এক অনুষ্ঠানত সংগঠনটোৰ ২২০ গৰাকী সদস্যই আত্মসমৰ্পণ কৰে।

  • News18 Assam
  • Last Updated: December 30, 2019, 10:40 AM IST
  • Share this:
সংগ্ৰামৰ পথ এৰি মুল সূঁতিলৈ উভতি আহিল ব্ৰু উগ্ৰপন্থী সংগঠনৰ ২২০ সদস্য। জমা দিলে বহু অস্ত্ৰ–শস্ত্ৰ। দীৰ্ঘদিন ধৰি বৰাক উপত্যকাত ত্ৰাস সৃষ্টি কৰি অহা ৰিয়াং উপজাতিৰ উগ্ৰপন্থী সংগঠন ব্ৰু ৰিভলুচনাৰী অব আৰ্মী ইউনিয়নে কৰিমগঞ্জ জিলাৰ অসম ত্ৰিপুৰা আৰু অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি ৰাখিছিল।

দেওবাৰে সীমান্তৰ মেডলিছড়াত অসম ৰাইফলছৰ ২৯নং বেটেলিয়নে আয়োজন কৰা এক অনুষ্ঠানত কৰিমগঞ্জ আৰক্ষীৰ উপস্থিতিত ১৩০টাকৈ মাৰণাস্ত্ৰ জমা দি সংগঠনটোৰ ২২০ গৰাকী সদস্যই আত্মসমৰ্পণ কৰে।

জমা দিয়া অস্ত্ৰ–শস্ত্ৰ


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি