মুখ্যপৃষ্ঠা »খবৰ »অসম »Elephant Terror : নুমলীগড়ৰ মৰঙী চাহ বাগিচাত অঘটন, বন্যহস্তীৰ আক্ৰমণত এগৰাকী যুৱতীৰ কৰুণ মৃত্যু, উত্তেজিত শ্রমিকে বন্ধ কৰি দিলে বাগিচাখন

Elephant Terror : নুমলীগড়ৰ মৰঙী চাহ বাগিচাত অঘটন, বন্যহস্তীৰ আক্ৰমণত এগৰাকী যুৱতীৰ কৰুণ মৃত্যু, উত্তেজিত শ্রমিকে বন্ধ কৰি দিলে বাগিচাখন

নুমলীগড়ত হাতীৰ আক্ৰমণত যুৱতীৰ মৃত্যু

নুমলীগড়ত হাতীৰ আক্ৰমণত যুৱতীৰ মৃত্যু

পুৱা নদীৰ পাৰলৈ যোৱা সময়ত বন্যহস্তীৰ আক্ৰমণত বাগিচাখনৰ বাঁহবাৰী লাইনৰ জ্যোতি তাঁতী নামৰ এগৰাকী ২২ বছৰীয়া যুৱতীৰ কৰুণ মৃত্যু।

  • Share this:
নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ ভয়াৱহ সংঘাত । প্ৰত্যেক দিনাই জাক জাক বন্যহস্তীয়ে  নুমলীগড়ৰ ভিন্ন প্ৰান্তত চলাইছে ত্ৰাস । আজি পুৱা ভাগত নদীৰ পাৰলৈ যোৱা অৱস্থাত বন্যহস্তীৰ আক্ৰমণত  বাগিচা খনৰ বাঁহবাৰী লাইনৰ জ্যোতি তাঁতী নামৰ এগৰাকী ২২ বছৰীয়া যুৱতীৰ কৰুণ মৃত্যুৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যুৱতীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিচাখনত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা । বাগিচাৰ শ্রমিকে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ বাহন।  ইফালে সমগ্ৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস।

হাতীৰ জাকে দিনে নিশাই অঞ্চলটোৰ গাঁওবাসী সকলৰ খেতি পথাৰ খাই অনিষ্ট কৰি আহিছে।

শেহতীয়া বাতৰি