ৰাজ্যত একেদিনাই এখন বিদ্যালয়ত ওলাল ২২ গৰাকী ক'ভিড আক্ৰান্ত শিক্ষাৰ্থী। মঙলদৈ চহৰস্থিত জ্ঞান বিকাশ একাডেমী নামৰ শিক্ষানুষ্ঠানখনৰ ২২গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত ক'ভিড-১৯ৰ অৱস্থিতি ধৰা পৰে। শুকুৰবাৰে এগৰাকী শিক্ষাৰ্থীৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছত আজি সকলো পৰীক্ষাৰ্থীৰ দেহত কোৰোণা টেষ্ট কৰা হৈছিল।
এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বিদ্যালয়খনত। ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ৭ দিনৰ বাবে শিক্ষানুষ্ঠানখন বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে।
উল্লেখযোগ্য যে ৰাজ্যত কোভিডৰ সংক্ৰমণক লৈ শংকা প্ৰকাশ কৰি থকাৰ সময়তে ঘটা এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি জিলা স্বাস্থ্য সেৱা বিভাগৰ কৰ্মচাৰীসকলে জ্ঞান বিকাশ একাডেমীত ৰেপিড এণ্টিজেন টেষ্ট কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|