কৰায়ত্ত হোৱা ব্যক্তিসকলৰ পৰা তীৰ খেলৰ টিকট, কেলকুলেটৰকে ধৰি জুৱাৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
কৰায়ত্ত হোৱা ব্যক্তিসকলৰ পৰা তীৰ খেলৰ টিকট, কেলকুলেটৰকে ধৰি জুৱাৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
তীৰ আৰু জুৱাৰ বিৰূদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোৱা কঠোৰ স্থিতিৰ পিছত অৱশেষত বিষয়টোক লৈ সষ্টম হৈ উঠা দেখা গ’ল ধুবুৰী আৰক্ষী। আজি পুৱাৰ পৰা ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰা তীৰৰ বিৰুদ্ধে আৰম্ভ কৰা ধুবুৰী আৰক্ষীৰ অভিযান এতিয়াও অব্যাহত আছে। জানিব পৰা মতে, ধুবুৰীৰ ৯ গৰাকীকে ধৰি সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়ালৈকে ২২ গৰাকীকৈ তীৰৰ মালিকক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
কৰায়ত্ত হোৱা ব্যক্তিসকলৰ পৰা তীৰ খেলৰ টিকট, কেলকুলেটৰকে ধৰি জুৱাৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে এতিয়াও ধুবুৰী পৌৰসভা এলেকাৰ কেইবাগৰাকী তীৰৰ মূল অভিযুক্ত আৰক্ষীৰ জালত পৰা নাই যদিও আৰক্ষীৰ তীৰবিৰোধী অভিযান এতিয়াও অব্যাহত আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|