মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মহানগৰীত এমাহতে আবকাৰীৰ ২১০টা গোচৰ ৰুজু, ৩১জনক জে’ললৈ

মহানগৰীত এমাহতে আবকাৰীৰ ২১০টা গোচৰ ৰুজু, ৩১জনক জে’ললৈ

News18 Assam | News18-Assam
Updated:August 2, 2021, 6:31 PM IST
মহানগৰীত এমাহতে আবকাৰীৰ ২১০টা গোচৰ ৰুজু, ৩১জনক জে’ললৈ
  মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে চুলাই ঘাটিৰ বিৰুদ্ধে কঠোৰ আবকাৰী বিভাগ।

  মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে চুলাই ঘাটিৰ বিৰুদ্ধে কঠোৰ আবকাৰী বিভাগ।

  • Share this:

ৰাজ্যত ক’ভিড–১৯ৰ গণ সংক্রমণ বৃদ্ধিৰ কাৰণ চুলাইৰ ভাটি বুলি মন্ত্ৰীসকলে প্ৰতিখন জিলা ঘূৰি প্ৰতিবেদন দাখিল কৰাৰ পিছতে যোৱা জুন মাহৰ শেষৰ ফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগক অবৈধ সুৰাৰ ভাটি উচ্ছেদ কৰিবলৈ কঠোৰ নির্দেশ জাৰি কৰিছিল৷


মুখ্যমন্ত্রীৰ নির্দেশৰ পিছতে ৰাজ্যৰ আন আন জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগেও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ নির্দেশনাত সময়ে সময়ে দেশী–বিদেশী অবৈধ সুৰাৰ ভাটিসমূহত উচ্ছেদ অভিযান আৰম্ভ কৰে৷


আবকাৰী সূত্রই সদৰী কৰা অনুসৰি, মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ–আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্রকে ধৰি জিলাখনৰ আবকাৰী চক্র পৰিদর্শকৰ কার্যালয়ে জুলাই মাহটোত ৫৬টা অভিযান চলায়৷



অভিযানত আবকাৰী আইনৰ অধীনত মুঠ ২১০টা গোচৰ ৰজু কৰাৰ লগতে হাতে–লোটে ধৰা পৰা ৩১জন সুৰা বিক্রেতাক আদালতৰ জৰিয়তে জে’ললৈ প্রেৰণ কৰা হয়৷

Published by: Gautam Barman
First published: August 2, 2021, 6:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি