২১ বছৰ পূৰ্বৰ গুপ্তহত্যা : মিথিংগা দৈমাৰীৰ ভতিজাক আজি ক'ত?

আজিৰ পৰা একৈশ বছৰ আগৰ এই দিনটোতে নিজ জুলুকী গাঁৱত সংঘটিত হৈছিল সেই লোমহৰ্ষক গুপ্তহত্যাৰ ঘটনাটো৷

News18-Assam
Updated:August 12, 2019, 10:10 AM IST
২১ বছৰ পূৰ্বৰ গুপ্তহত্যা : মিথিংগা দৈমাৰীৰ ভতিজাক আজি ক'ত?
আজিৰ পৰা একৈশ বছৰ আগৰ এই দিনটোতে নিজ জুলুকী গাঁৱত সংঘটিত হৈছিল সেই লোমহৰ্ষক গুপ্তহত্যাৰ ঘটনাটো৷
News18-Assam
Updated: August 12, 2019, 10:10 AM IST
বিজু কুমাৰ ডেকা : ১১ আগষ্ট, ১৯৯৮ চন৷ একৈশ বছৰ আগৰ এটা দিন৷ স্থান : নিজ জুলুকি, বৰমা, নলবাৰী৷

আজিৰ পৰা একৈশ বছৰ আগৰ এই দিনটোতে নিজ জুলুকী গাঁৱত সংঘটিত হৈছিল সেই লোমহৰ্ষক গুপ্তহত্যাৰ ঘটনাটো৷ একেটা পৰিয়ালৰ চাৰি সদস্যক গুপ্তঘাতকে অতি নৃসংশভাৱে হত্যা কৰিছিল৷

হয়, আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ পৰিয়ালৰ ওপৰত চলিছিল আক্ৰমণ৷ মাজনিশাৰ আক্ৰমণ৷ শোৱাপাটীৰ পৰা জগাই নিজ ঘৰতেই গুলীয়াই হত্যা কৰা হৈছিল মিথিংগাৰ পৰিয়ালক৷

১১ আগষ্টৰ মাজনিশা গুপ্তঘাতকৰ বলি হৈছিল মিথিংগা দৈমাৰীৰ জেষ্ঠ ভাতৃ ডাঃ ধৰণীধৰ দাস, দাসৰ গৰ্ভৱতী পত্নী ৰূপজ্যোতি দাস, কনিষ্ঠ ভগ্নী লতিকা দাস আৰু মাতৃ ফুলেশ্বৰী দাসক৷

কিন্তুু প্ৰাণ ৰক্ষা হৈছিল দৈমাৰী পৰিয়ালৰ কণমানি ভাস্কৰৰ৷ বাবাৰ প্ৰাণ ৰক্ষা হৈছিল দৈব্যক্ৰমে৷ ডাঃ ধৰণীধৰ দাসৰ উত্তৰসূৰী৷ কণমানি ভাস্কৰৰ চকুৰ সন্মুখতেই হত্যা কৰা হৈছিল পিতৃ-মাতৃক৷ হত্যা কৰিছিল গুপ্তঘাতকে ভাস্কৰৰ আইতাক আৰু পেহীয়েকক৷

সেই ভাস্কৰ এতিয়া সুঠাম যুৱক। ২৫ বছৰীয়া যুৱক। ইতিমধ্যে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে ভাস্কৰে। কিন্তু ক’ত আছে ভাস্কৰ? সেয়া ৰহস্য। এই সংক্ৰান্তত ভাস্কৰৰ খুৰাক নিতুল কছাৰীয়ে সদৰি কৰা মতে, লোমহৰ্ষক হত্যাকাণ্ডৰ এবছৰ পিছতেই পৰেশ বৰুৱাৰ হাতত গতাই দিয়া হৈছিল কণমানি ভাস্কৰক। সেই যে গতাই দিয়া হ’ল, তাৰ পিছত আৰু উভতি অহা নাই ভাস্কৰ। বহিঃৰাষ্ট্ৰতে শিক্ষা লাভ কৰিছে ভাস্কৰে।

ভাস্কৰৰ শিক্ষা আৰু ভৱিষ্যত্‍ প্ৰসংগত আলফাৰ সেনাপ্ৰধান পৰেশ বৰুৱাই এবাৰ সদৰি কৰিছিল যে ভাস্কৰক শিক্ষিত কৰি তোলাত বিশেষ কষ্ট কৰিবলগীয়া হৈছে। শিক্ষা সমাপ্তিৰ পিছত ভাস্কৰে যি কাৰ্যতে নিজক নিয়োজিত কৰিব বিচাৰিব তাকেই কৰিব পাৰিব বুলিও পৰেশ বৰুৱাই মন্তব্য কৰিছিল।

গুপ্তহত্যাৰ বিভীষিকা চলি থকাৰ সময়ত এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফাৰ সদস্যৰ পৰিয়ালৰ ওপৰত এইদৰে চলিছিল পৰিকল্পিত হত্যাকাণ্ড।

পিছলৈ এই হত্যাকাণ্ডৰ তদন্তৰ বাবে শইকীয়া আয়োগ গঠন হৈছিল। কাৰ্যত এই গুপ্তহত্যাৰ ঘটনাৰ উচিত তদন্ত নকৰিলে গুপ্তহত্যাকে ইছ্যু কৰি লৈ শাসনলৈ অহা তৰুণ গগৈৰ চৰকাৰেও। এতিয়া এটা মুখৰোচক ঘটনা ৰাজনৈতিক নেতাৰ বাবে৷ ৰাজনৈতিক দলৰ বাবে৷
আৰু চাওক পৰৱৰ্তী বাতৰি