IDOLৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছে নেকি? আপোনাৰ ডিগ্ৰী বৈধ নে অবৈধ? চাওক এই প্ৰতিবেদন

CAGৰ প্ৰতিবেদনক লৈ তদন্ত ঘোষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই। NEWS18ক এই কথা জনালে উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে।
CAGৰ প্ৰতিবেদনক লৈ তদন্ত ঘোষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই। NEWS18ক এই কথা জনালে উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে।
- News18 Assam
- Last Updated: December 2, 2019, 1:55 PM IST
IDOLৰ কোনকেইটা পাঠ্যক্ৰম বৈধ :
CAGৰ প্ৰতিবেদন অনুসৰি, ডিছটেন্স এডুকেশ্যন কাউন্সিল (DEC)-এ ৩ বছৰৰ বাবে কেৱল ৮টা পাঠ্যক্ৰমৰ অনুমতি দিছিল IDOLক।

উল্লেখযোগ্য যে নতুন পাঠ্যক্ৰম গ্ৰহণ নকৰা বুলি UGCক ভুৱা শপতনামা দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ে। ২০০৬–১৬ চনলৈ ছাত্ৰ–ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া IDOLৰ সঞ্চালক আছিল ড৹ কন্দৰ্প দাস। সেইসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল ড৹ মৃদুল হাজৰিকা।
ইফালে, CAGৰ প্ৰতিবেদনক লৈ তদন্ত ঘোষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই। NEWS18ক এই কথা জনালে উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে। তদন্তৰ আওতালৈ আনিব IDOLৰ তদানীন্তন সঞ্চালক ড৹ কন্দৰ্প দাসক। তদন্তৰ বাবে উপচাৰ্যই গঠন কৰিছে ৭জনীয়া তদন্ত কমিটী। CAGৰ প্ৰতিবেদনৰ পিছতে এতিয়া হাহাকাৰ লাগিছে বিশ্ববিদ্যালয়খনত।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।