পঞ্জাৱৰ পৰা চাইকেলেৰে স্ব-গৃহলৈ উভতনি যাত্ৰা ২১গৰাকী অসমীয়া যুৱকৰ

News18 Assam | News18-Assam
Updated:May 21, 2020, 7:25 PM IST
পঞ্জাৱৰ পৰা চাইকেলেৰে স্ব-গৃহলৈ উভতনি যাত্ৰা ২১গৰাকী অসমীয়া যুৱকৰ
ল’ক ডাউনৰ ফলত কৰ্ম সংস্থাপন হেৰুৱাই উপায়ন্তৰ হৈ অসমৰ ২১ জন যুৱকে পঞ্জাৱৰ মোহালিৰ পৰা চাইকেলেৰে অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে

ল’ক ডাউনৰ ফলত কৰ্ম সংস্থাপন হেৰুৱাই উপায়ন্তৰ হৈ অসমৰ ২১ জন যুৱকে পঞ্জাৱৰ মোহালিৰ পৰা চাইকেলেৰে অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে

  • Share this:
ল’ক ডাউনৰ ফলত কৰ্ম সংস্থাপন হেৰুৱাই উপায়ন্তৰ হৈ অসমৰ ২১ জন যুৱকে পঞ্জাৱৰ মোহালিৰ পৰা চাইকেলেৰে অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ যুৱক কেইজনে পাঞ্জাৱৰ পৰা ১৭ মে’ত যাত্ৰা আৰম্ভ কৰি বুধবাৰে নিশা দিল্লীত উপস্থিত হয়। ।

অসম ভৱন কৰ্তৃপক্ষই তেওঁলোকক নিশাটো দিল্লীতে কটাবলৈ এটা গেষ্ট হাউচ ঠিক কৰি দিয়ে। সকলোৱে সাঁচতীয়া ধনেৰে নতুন চাইকেল ক্ৰয় কৰি এই যাত্ৰাৰ পৰিকল্পনা কৰিছিল। এতিয়া যুৱকৰ দলটোৱে ঘৰলৈ যাবলৈ চৰকাৰ পৰা সহায় বিচাৰিছে। যুৱক কেইজন পঞ্জাৱত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল। News18ৰ সৈতে বুধবাৰে হোৱা টেলিফোনৰ বার্তালাপত দলটোৰ এজন সদস্য বদৰ বসুমতাৰীয়ে কয় –‘অসমলৈ ঘূৰি যোৱাৰ কোনো উপায় নাপাই তেওঁলোকে সাঁচতীয়া ধনৰে চাইকেল একোখন ক্ৰয় কৰি আৰম্ভ কৰিলে গৃহ অভিমুখে যাত্ৰা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading